অসম

assam

ETV Bharat / sports

হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টীয়ে সাক্ষাৎ কৰিব সৌৰভ গাংগুলীক

গাংগুলীৰ পৰৱৰ্তী চিকিৎসা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব চিকিৎসা ব’ৰ্ডৰ 9 জনীয়া সদস্যই ৷

Medical board meeting today, Cardiac specialist Devi Shetty will visit BCCI President tomorrow
সৌৰভ গাংগুলী

By

Published : Jan 4, 2021, 1:51 PM IST

স্পৰ্টছ ডেস্ক,4 জানুৱাৰী: সোমবাৰে চিকিৎসা ব’ৰ্ডৰ 9 জনীয়া সদস্যই বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ পৰৱৰ্তী চিকিৎসা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ সম্প্ৰতি আগতকৈ স্বাস্থ্যৰ কিছু উন্নতি হৈছে প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীৰ ৷ খেলুৱৈগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আজি কলকাতাত উপস্থিত হ’ব হৃদৰোগ বিশেষজ্ঞ দেৱী চেট্টী ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সোমবাৰে পুৱাৰ ভাগতে চিকিৎসা ব’ৰ্ডৰ সদস্যসকলে সৌৰভ গাংগুলীৰ পৰৱৰ্তী এঞ্জিঅ’প্লাষ্টিৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হৈছিল ৷

ABOUT THE AUTHOR

...view details