গুৱাহাটী, 23 ফেব্ৰুৱাৰীঃ সমাগত আইপিএল 2020 ৷ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব আইপিএলৰ মেচ ৷ দ্বিতীয় ঘৰুৱা ষ্টেডিয়াম হিচাপে ৰাজস্থান ৰয়েলেছ দলটোৱে ব্যৱহাৰ কৰিব গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম ৷ যাৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছৰ আইপিএলৰ মেচ দুখনক লৈ দেওবাৰে বৰ্ষাপাৰা ষ্টেডিয়াম পৰিদৰ্শন কৰে আইপিএলৰ মুখ্য পৰিচালনা বিষয়াহেমাংগ আমিন আৰু আইএমপিগ্ৰুপৰ বিষয়া সকলে ।
ষ্টেডিয়াম পৰিদৰ্শন কৰাৰ লগতে আইপিএলৰ মেচ দুখন সুচাৰু ৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে আইপিএলৰ মুখ্য পৰিচালনা বিষয়া হেমাংগ আমিন আৰু আইএমপি গ্ৰুপৰ বিষয়া সকল এক বৈঠকত মিলিত হয় অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াৰ লগতো ।
বৈঠকৰ পাচত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে যে, অহা 26 ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ‘ব ৰাজস্থান ৰয়েলছৰ দলটো ৷ দলটোৱে 27 তাৰিখৰ পৰা 29 তাৰিখলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত আইপিএলৰ বাবে আৰম্ভ হ'বলগীয়া ৰাজস্থান ৰয়েলছৰ প্ৰথমটো অনুশীলন কেম্পত অংশগ্ৰহণ কৰিব । আনহাতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ৰাজস্থান ৰয়েলছৰ মেচ দুখনৰ বাবে অন লাইন যোগে টিকট বিক্ৰী আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে ৷
গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছৰ দল উল্লেখ্য যে, গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ আইপিএলৰ দুখন মেচ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি ৰাজস্থান উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আৱেদন জনোৱা হৈছে । ৰাজস্থান উচ্চ ন্যায়ালয়ত আইনী যুঁজ চলি থাকিলেও গুৱাহাটীত মেচ দুখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় বুলিও মন্তব্য কৰে দেৱজিৎ শইকীয়াই ।