নিউজ ডেস্ক, ২২ মাৰ্চ: ২৩ মাৰ্চ, শনিবাৰৰ পৰা আৰম্ভ হ'ব ভাৰতীয় প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএল । সেই সূত্ৰে বৃহস্পতিবাৰে আইপিএলৰ ৮ টা দলৰ অধিনায়ক সকল চেন্নাইত 'ফেয়াৰ প্লে' শপত গ্ৰহনৰ বাবে উপস্থিত হয় । নিৰপেক্ষ খেলভাৱনাৰে খেলপথাৰত নমাৰ উদ্দেশ্যৰে এই শপত গ্ৰহন অনুষ্ঠানৰ আয়োজন কৰা হয় ।
'ফেয়াৰ প্লে' শপত গ্ৰহণৰ বাবে চেন্নাইত উপস্থিত আইপিএলৰ অধিনায়ক সকল
আইপিএলৰ 'ফেয়াৰ প্লে' শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বৃহস্পতিবাৰে চেন্নাইত উপস্থিত হয় আইপিএলৰ ৮ টা দলৰ অধিনায়ক সকল ।
IPL TROPHY
উল্লেখ্য যে, এইবছৰৰ আইপিএলৰ উদ্ধোধনী অনুষ্ঠান বাতিল কৰি সেই ধনসমূহ পুলৱামা আক্ৰমনত নিহতৰ পৰিয়ালক প্ৰদান কৰা হ'ব । সেয়েহে অধিনায়ক সকলৰ শপত গ্ৰহন অনুষ্ঠানটোৰ এক প্ৰদৰ্শনীহে অনুষ্ঠিত হ'ব ।