স্পৰ্টছ ডেস্ক, 16 ছেপ্তেম্বৰ : এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰক মেচ ফিক্সিঙৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল বুলি মন্তব্য কৰিছে বিচিচিআইৰ দুৰ্নীতি বিৰোধী গোটৰ মুৰব্বী অজিত সিঙে৷ যিগৰাকী ক্ৰিকেটাৰক ফিক্সিঙৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল তেওঁ ফেব্ৰুৱাৰীতে এই বিষয়ে বিচিচিআইক জনোৱা বুলি মন্তব্য কৰে অজিত সিঙে ৷ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত অনুষ্ঠিত হ'বলগা মেচৰ পূৰ্বে ফিক্সিঙৰ বাবে অনুৰোধ জনোৱা হৈছিল মহিলা ক্ৰিকেটাৰগৰাকীক ৷
মেচ ফিক্সিঙৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটাৰলৈ প্ৰস্তাৱ, বিচিচিআই
এগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰক মেচ ফিক্সিঙৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল বুলি মন্তব্য কৰিছে বিচিচিআইৰ দুৰ্নীতি বিৰোধী গোটৰ মুৰব্বী অজিত সিঙে ৷ যিগৰাকী ক্ৰিকেটাৰক ফিক্সিঙৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল তেওঁ ফেব্ৰুৱাৰীতে এই বিষয়ে বিচিচিআইক জনোৱা বুলি মন্তব্য কৰে অজিত সিঙে ৷ ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত অনুষ্ঠিত হ'বলগা মেচৰ পূৰ্বে ফিক্সিঙৰ বাবে অনুৰোধ জনোৱা হৈছিল মহিলা ক্ৰিকেটাৰগৰাকীক ৷
মেচ ফিক্সিঙৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেটাৰলৈ প্ৰস্তাৱ, বিচিচিআই
সিঙে মন্তব্য কৰে, "ক্ৰিকেটাৰগৰাকী মহিলা ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী খেলুৱৈ আৰু এগৰাকী আন্তৰাষ্ট্ৰীয় ক্ৰিকেটাৰ সেয়েহে আইচিচিয়ে তদন্ত কৰে ৷" মেচ ফিক্সিঙৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা ব্যক্তিগৰাকীক আইচিচিয়ে সকিয়াই দিয়াৰ লগতে খেলুৱৈগৰাকীক প্ৰশংসা কৰে ৷
ইতিমধ্যে মেচ ফিক্সিঙৰ প্ৰস্তাৱ প্ৰেৰণ কৰা লোকজনৰ বিৰুদ্ধে বেংগালুৰু আৰক্ষীৰ ওচৰত বিচিচিআইৰ দুৰ্নীতি বিৰোধী গোটে এক গোচৰ ৰুজু কৰিছে ৷