স্পৰ্টছ ডেস্ক, 19 জুলাইঃ বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা জিম্বাবৱে ক্ৰিকেট দলক নিষেধাজ্ঞা জাৰি কৰিলে আই চি চিয়ে ৷ চৰকাৰৰ হস্তক্ষেপ তথা ক্ৰিকেটৰ নিয়মৰ উলংঘনৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে আই চি চি য়ে ৷ আই চি চিৰ মুখ্য সঞ্চালক শশাংক মনোহৰে কয়, জিম্বাবৱেত যি সংঘটিত হৈছে সেইয়া আই চি চিৰ সংবিধানৰ পৰিপন্থী ৷
জিম্বাবৱে ক্ৰিকেট দললৈ নিষেধাজ্ঞা - INTERNATIONAL CRICKET
লণ্ডনত অনুষ্ঠিত হোৱা বাৰ্ষিক বৈঠকত জিম্বাবৱে ক্ৰিকেট বৰ্ডক তৎকালীন প্ৰভাৱৰ পৰা বৰ্খাস্ত কৰিছে আই চি চি য়ে ৷ আই চি চিৰ মতে ক্ৰিকেটৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ আঁতৰোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে জিম্বাবৱে ক্ৰিকেট বৰ্ড ৷
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিষেধাজ্ঞা জিম্বাবৱে ক্ৰিকেট দলক
ইয়াৰ লগতে তেওঁ কয়, নিষেধাজ্ঞা জাৰি কৰাটো আমাৰ কাম্য নহয়, কিন্তু খেলক ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আই চি চি য়ে বিচাৰে আই চি চি সংবিধান অনুসৰি জিম্বাবৱে ক্ৰিকেট দল পৰিচালিত হোৱাটো ৷