অসম

assam

ETV Bharat / sports

মোৰ বাবেই অন্ত পৰিল গম্ভীৰৰ এদিনীয়া আৰু টি-20 কেৰিয়াৰঃ মহম্মদ ইৰফান - গৌতম গম্ভীৰ

পাকিস্তানৰ দ্ৰুতবেগী বলাৰ মহম্মদ ইৰফানৰ বিস্ফোৰক মন্তব্য ৷ গম্ভীৰৰ এদিনীয়া আৰু টি-20 কেৰিয়াৰৰ অন্ত পৰাক লৈ মন্তব্য প্ৰদান মহম্মদ ইৰফানৰ ৷

I ended Gautam Gambhirs white ball career: Muhammad Irfan

By

Published : Oct 7, 2019, 4:29 PM IST

স্পৰ্টছ ডেস্ক, 7 অক্টোবৰঃ মোৰ বাবেই অন্ত পৰিল গৌতম গম্ভীৰৰ এদিনীয়া আৰু টি-20 কেৰিয়াৰ ৷ এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে পাকিস্তানৰ দ্ৰুতবেগী বলাৰ মহম্মদ ইৰফানে ৷

ইৰফানে কয় ,

মই যেতিয়া ভাৰতৰ বিৰুদ্ধে খেলিছিলো মোৰ বিৰুদ্ধে অসহজ অনুভৱ কৰিছিল গম্ভীৰে ৷ 2012 চনৰ দ্বিপাক্ষিক শৃংখলাতো মোৰ বিৰুদ্ধে খেলিবলৈ অসহজ অনুভৱ কৰিছিল গম্ভীৰে ৷ যাৰ পাচতেই সীমিত অভাৰত বিফল হৈ পৰিছিল ভাৰতীয় অ’পেনিং যুঁটিটো ৷ মোৰ শাৰিৰীক উচ্চতাৰ বাবেই মোৰ বল খেলিবলৈ অসুবিধাৰ সন্মুখীন হৈছিল ভাৰতীয় খেলুৱৈগৰাকী ৷

মহম্মদ ইৰফান

উল্লেখ্য যে, এই টি-20 আৰু এদিনীয়া শৃংখলাত চাৰিবাৰ মহম্মদ ইৰফানৰ বলত পেভিলিয়নমুখী হৈছিল গম্ভীৰ ৷ এই শৃংখলাৰ পাচত মাত্ৰ এটা শৃংখলাত (ইংলেণ্ড) অংশগ্ৰহণ কৰাৰ পিচত ভাৰতীয় দলৰ পৰা বাহিৰ হৈছিল গৌতম গম্ভীৰ ৷

গৌতম গম্ভীৰ

পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ বাবেই গম্ভীৰৰ কেৰিয়াৰৰ অন্ত পৰে বুলি দাবী কৰে মহম্মদ ইৰফানে ৷ আহমদাবাদতেই পাকিস্তানৰ বিৰুদ্ধেই অন্তিম টি-20 মেচত অৱতীৰ্ণ হৈছিল গম্ভীৰ ৷

ABOUT THE AUTHOR

...view details