অসম

assam

ETV Bharat / sports

ধোনীৰ বিশ্বকাপ খেলা-নেখেলাক লৈ গম্ভীৰৰ মন্তব্য

ধোনীৰ আগন্তুক বিশ্বকাপত অংশগ্ৰহণ কৰাক লৈ সন্দেহ ব্যক্ত প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীৰৰ ৷ অৱসৰ ঘোষণা কৰাটো নিজৰ সিদ্ধান্ত ৷ যেতিয়ালৈ খেলিবলৈ ইচ্ছা কৰে খেলিবলৈ দিয়া হয় বুলি মন্তব্য গম্ভীৰৰ ৷

By

Published : Sep 30, 2019, 9:04 PM IST

ধোনীৰ বিশ্বকাপ খেলা-নেখেলাক লৈ গম্ভীৰৰ মন্তব্য

স্পৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰঃ ধোনীৰ আগন্তুক ক্ৰিকেট কেৰিয়াৰকলৈ ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া চলিছে ব্যাপক প্ৰতিক্ৰিয়া ৷ ধোনীৰ সন্ন্যাসক লৈ দেখা গৈছে বিভিন্ন জনৰ মাজত ভিন-ভিন ধৰণৰ মতামত ৷ শেহতীয়াকৈ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে কয়,

‘‘সন্ন্যাস ঘোষণা কৰা সিদ্ধান্তটো খেলুৱৈৰ নিজৰ ৷ কেতিয়া লৈ খেলিবলৈ ইচ্ছা কৰে ,সেইয়া নিজৰ কথা ৷ যেতিয়ালৈ খেলিবলৈ ইচ্ছা কৰে খেলিবলৈ দিয়া হয় ৷ কিন্তু ভৱিষ্যতৰ প্ৰতিও লক্ষ্য ৰখাৰ প্ৰয়োজন ৷ গতিকে মই ব্যক্তিগত ভাৱে নাভাৱো যে, আগন্তুক বিশ্বকাপলৈ ক্ৰিকেট খেলিব ধোনীয়ে ৷ ’’

মহেন্দ্ৰ সিং ধোনী

গম্ভীৰে লগতে কয়, অধিনায়ক হিচাপে বিৰাটে হওঁক অথবা অন্য কোনোৱাই, সাহস দেখুৱাই কোৱাৰ প্ৰয়োজন যে, ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে এতিয়া দলৰ অন্তিম একাদশত ফিট নহয় ৷ কাৰণ চাৰি পাঁচ বছৰত নতুন যুৱ খেলুৱৈক ভাৰতীয় দলৰ বাবে তৈয়াৰ কৰাৰ প্ৰয়োজন ৷

আনহাতে সুৰেশ ৰাইনা আৰু শিখৰ ধাৱানে ধোনীৰ সমৰ্থনত অহা আন্তঃৰাষ্ট্ৰীয় টি-20 বিশ্বকাপলৈ ধোনীয়ে খেলিবলৈ সক্ষম বুলি উল্লেখ কৰে ৷ লক্ষ্যণীয় যে, 2019 এদিনীয়া বিশ্বকাপৰ পাচত ধোনীয়ে এখনো মেচত অংশগ্ৰহণ কৰা নাই ৷

ABOUT THE AUTHOR

...view details