স্পৰ্টছ ডেস্ক, 14 অক্টোবৰ:ধোনীৰ সন্ন্যাসক লৈ মন্তব্য প্ৰকাশ কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা চেন্নাই চুপাৰ কিংছৰ খেলুৱৈ শ্বেন ৱাটছনে ৷ ৱাটছনৰ মতে, সন্ন্যাস লোৱা সিদ্ধান্তটো ধোনীৰ ওপৰতেই এৰি দিয়া উচিত ৷ কাৰণ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বৰ্তমানেও সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৱাটছনে ৷
ধোনীৰ সমৰ্থনত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ শ্বেন ৱাটছন - শ্বেন ৱাটছন
মহেন্দ্ৰ সিং ধোনীৰ সন্ন্যাসকলৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাটছনৰ প্ৰতিক্ৰিয়া ৷ সন্ন্যাসৰ ঘোষণা কৰা নকৰা ধোনীৰ ওপৰত এৰি দিব লাগে বুলি কয় ৱাটছনে ৷
dhoni-is-still-playing-well-leave-retirement-decision-to-him-says-shane-watson
ইয়াৰ লগতে ৱাটছনে কয়, ধোনীৰ কৌশলত কোনো অভাৱ নাই ৷ কিন্তু সিদ্ধান্ত তেৱেই গ্ৰহণ কৰিব লাগিব ৷ উইকেটৰ মাজত ধোনীৰ তীব্ৰতা আশ্চৰ্যকৰ ৷ উইকেটকীপাৰৰ ভূমিকাতো তেওঁৰ তুলনা নাই ৷ গতিকে তেওঁ নিজেই সিদ্ধান্ত লোৱা উচিত যে, তেওঁৰ মাজত আৰু কিমান ক্ৰিকেট বাকি আছে ৷
Last Updated : Oct 15, 2019, 2:21 PM IST