অসম

assam

ETV Bharat / sports

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া - যুৱৰাজ সিং

ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙে সোমবাৰে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছতে প্ৰাক্তন সতীৰ্থসকলে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

By

Published : Jun 10, 2019, 8:01 PM IST

নিউজ ডেস্ক, 10 জুন : 2011 বিশ্বকাপত ভাৰতীয় দলৰ জয়ত অনবদ্য অৱদান আগবঢ়োৱা ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন যুৱৰাজ সিঙে 17 বছৰীয়া ক্ৰিকেট কেৰিয়াৰৰ অৱসান ঘটাই সোমবাৰে ক্ৰিকেটক বিদায় জনালে ৷ তেওঁৰ অৱসৰ ঘোষণাৰ পাছতে প্ৰাক্তন সতীৰ্থসকলে টুইটাৰৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

সম্প্ৰতি বিশ্বকাপ ক্ৰিকেটৰ বাবে ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে কয় যে, দেশৰ বাবে অতুলনীয় অৱদান আগবঢ়োৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন থাকিল আৰু এক সুন্দৰ ভৱিষ্যতৰ কামনা কৰা হ'ল ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ ৰাজনীতি জগতত ভৰি দিয়া যুৱৰাজৰ অন্যতম সতীৰ্থ গৌতম গম্ভীৰেও যুৱৰাজৰ জাৰ্ছী নম্বৰটো বিচিচিআইয়ে মহান খেলুৱৈ গৰাকীৰ নামত উছৰ্গা কৰিব লাগে বুলি জনায় ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

আন এজন সতীৰ্থ মহম্মদ কাইফে যুৱৰাজক 'পাৰ্টনাৰ ইন ক্ৰাইম' বুলি উল্লেখ কৰাৰ লগতে 2002 চনত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ সৈতে যুঁটীয়াকৈ গঢ়া ৰাণৰ কথা সোৱঁৰণ কৰে ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

প্ৰাক্তন সতীৰ্থ বীৰেন্দৰ সেহৱাগেও যুৱৰাজৰ দৰে ক্ৰিকেটাৰ ক্ৰিকেট বিশ্বত পোৱাটো কঠিন বুলি উল্লেখ কৰাৰ লগতে কঠিন ৰোগত আক্ৰান্ত হোৱাৰ পাছতো নিজৰ সাহসৰ বলত প্ৰতিজন ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া
যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া
যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

ইয়াৰ উপৰি ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন, আকাশ চোপ্ৰা, সুৰেশ ৰাইনা, ঋষভ পন্তেও টুইটাৰৰ জৰিয়তে যুৱৰাজ সিঙৰ অৱসৰ গ্ৰহণ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

যুৱৰাজৰ অৱসৰ : ক্ৰিকেট পৰিয়ালৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details