স্পৰ্টছ ডেস্ক, 13 জানুৱাৰী : দেওবাৰে ভাৰতীয় ক্ৰিকেট বৰ্ডে (বিচিচিআই) ঘোষণা কৰিলে নিউজিলেণ্ড ভ্ৰমণ কৰিবলগা 16 জনীয়া ভাৰতীয় দলৰ ৷
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত বিৰতি গ্ৰহণ কৰাৰ পাচত দললৈ উভতি আহিছে ৰোহিত শৰ্মা আৰু মহম্মদ ছামী ৷ কিন্তু দলটোৰ পৰা বাদ পৰিছে উইকেট কীপাৰ বেটছমেন সঞ্জু ছেমচন ৷ উল্লেখ্য যে, 5 বছৰৰ অন্তত দললৈ প্ৰত্যাৱৰ্তন ঘটোৱা ছেমচনে শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-20 শৃংখলাৰ অন্তিম মেচত ছয় ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা অন্ত পৰাৰ লগে লগে ভাৰতীয় দলে 20 জানুৱাৰীত নিউজিলেণ্ডলৈ উৰা মাৰিব ৷ উল্লেখ্য যে, নিউজিলেণ্ডত ভাৰতীয় দলে পাঁচখন টি-20, তিনিখন এদিনীয়া আৰু দুখন টেষ্ট মেচৰ লগতে এখন প্ৰস্তুতি মেচত অংশগ্ৰহণ কৰিব ৷ 24 জানুৱাৰীত অকলেণ্ডত ভাৰতীয় দলে প্ৰথমখন টি-20 ত অংশগ্ৰহণ কৰিব ৷
শ্ৰীলংকাৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন আগবঢ়োৱা মনিশ পাণ্ডে, শিৱম ডুৱে, ৱাশ্বিংটন সুন্দৰ আৰু নৱদ্বীপ ছাইনীয়ে 16 জনীয়া দলত স্থান লাভ কৰিছে ৷
নিউজিলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলৰ সদস্যসকল : বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (সহ-অধিনায়ক), কে. এল. ৰাহুল, শিখৰ ধাৱান, শ্ৰেয়াস আয়াৰ, মনিশ পাণ্ডে, ঋষভ পন্ত(উইকেট কীপাৰ), শিৱম ডুৱে, কুলদীপ যাদৱ, য়ুজবেন্দ্ৰ ছাহাল, ৱাশ্বিংটন সুন্দৰ, জছপ্ৰীত বুমৰাহ, মহম্মদ ছামী, নৱদ্বীপ ছাইনী, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ ৷
আৰু পঢ়ক : কোচবিহাৰ ট্ৰফী ক্ৰিকেট টু্ৰ্ণামেন্টত অসমৰ হাতত পৰাস্ত উৰিষ্যা