স্পৰ্টছ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃঅষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০তপৰাজয়ৰ মুখ দেখিলে ঘৰুৱা দল ভাৰতে । প্ৰতিশোধৰ লক্ষ্য়ৰে ভাৰতলৈ অহা অষ্ট্ৰেলিয়া দলটোৱে বিশাখাপট্টনম টি-২০ত তিনি উইকেটত বিজয় সাব্য়স্ত কৰিবলৈ সক্ষম হয় ।
এই শ্বাসৰুদ্ধকাৰী মেচখনত অষ্ট্ৰেলিয়াক অন্তিমটো অভাৰত প্ৰয়োজন হৈছিল ১৪ ৰানৰ । উমেশ যাদৱৰ অন্তিমটো বলত অষ্ট্ৰেলিয়াই এই ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৰান কৰে গ্লেন মেক্সৱেলে (৫৬) । ভাৰতৰ হৈ জছপ্ৰীত বোমৰাই কেৱল ১৬ৰান দি ৩ টা উইকেট দখল কৰে। লগতে আন্তঃৰাষ্ট্ৰীয় টি-২০ত ৫০টা উইকেট সম্পূৰ্ণ কৰে বোমৰাই ।