স্পৰ্টছ ডেস্ক, 29 ডিচেম্বৰ :দ্বিতীয় টেষ্টত 200 ৰাণত দ্বিতীয় ইনিংছ সামৰিলে অষ্ট্ৰেলিয়া দলে ৷ বৰ্তমান ভাৰতক জয়ৰ বাবে প্ৰয়োজন 70 ৰাণৰ ৷ এই মেচত জয়ী হ'লে ভাৰতে 4 খনীয়া শৃংখলাত 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হ'ব ৷
অষ্ট্ৰেলিয়া অল আউট হোৱাৰ ফলত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পাচতে ভাৰতে দ্বিতীয় ইনিংছৰ বেটিং আৰম্ভ কৰিব ৷
উল্লেখ্য যে, প্ৰথম ইনিংছত ভাৰতীয় দলে 131 ৰাণৰ অগ্ৰগতি লাভ কৰিছিল ৷ ভাৰতৰ হৈ অধিনায়ক আজিংকা ৰাহানেই 112 ৰাণ সংগ্ৰহ কৰাৰ লগতে ৰবীন্দ্ৰ জাদেজাই সংগ্ৰহ কৰিছিল 57 ৰাণ ৷ ফলত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল 326 ৰাণ ৷