স্পৰ্টছ ডেস্ক, 9জানুৱাৰীঃ বিশ্ব চেম্পিয়ন পি ভি সিন্ধুৱে বৃহস্পতিবাৰে মালয়েছিয়া মাষ্টাৰ্ছ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ দ্বিতীয় ৰাউণ্ডত প্ৰতিপক্ষৰ খেলুৱৈক পৰাস্ত কৰাৰ পিছত সিন্ধুৱে এই ক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ ৰাছিয়াৰ ইভজেনিয়া কোচেটচ্কায়াক সিন্ধুৱে 35 মিনিটজোৰা প্ৰথম ৰাউণ্ডৰ খেলত 21-15,21-13 ছেট’ত পৰাস্ত কৰে ৷
উল্লেখ্য যে, 24 বছৰীয়া খেলুৱৈ গৰাকীয়ে জাপানৰ আয়া অ’হাৰীক দ্বিতীয় ৰাউণ্ডত পোনপটীয়াকৈ 21-10,21-15 ছেট’ত ধৰাশায়ী কৰে ৷ খেলখন 34 মিনিট ধৰি চলিছিল ৷ বিশ্বৰ ষষ্ঠ স্থানৰ খেলুৱৈ গৰাকীয়ে অহা 10 তাৰিখে কোৱাৰ্টাৰ ফাইনেলৰ খেলখন খেলিব ৷
দিনটোৰ আৰম্ভণিতে অনুষ্ঠিত অন্য এখন খেলত ভাৰতীয় খেলুৱৈ চাইনা নেহৱালে মাত্ৰ 38 মিনিটতে ধৰাশায়ী কৰে দক্ষিণ কোৰিয়াৰ এ চে য়ংগক ৷ খেলুৱৈগৰাকীক নেহৱালে 25-23,21-12 ছেটত পৰাস্ত কৰে ৷ প্ৰথম ৰাউণ্ডত দুয়োগৰাকী খেলুৱৈৰ মাজত তুমুল প্ৰত্যাহ্বান সৃষ্টি হৈছিল যদিও ভাৰতীয় খেলুৱৈ গৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷