নেশ্বনেল ডেস্ক, 9 জানুৱাৰীঃ যি সময়ত সমগ্ৰ ভাৰতবৰ্ষই প্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে, তেনে সময়তে মধ্য প্ৰদেশৰ এখন গাঁৱত একক ব্যৱহৃত প্লাষ্টিক সফলভাৱে নিষিদ্ধ কৰিছে আৰু 80 দিনৰ ভিতৰতে গাঁওখন প্লাষ্টিক মুক্ত হিচাপে ঘোষণা কৰি এক অনুপ্ৰেৰণা ৰূপে আত্মপ্ৰকাশ কৰিছে ৷ এইয়া সম্ভৱ হৈছে একমাত্ৰ গাঁও পঞ্চায়ত আৰু গাওঁবাসীৰ মাজৰ সন্মিলিত প্ৰচেষ্টাৰ ফলত ৷
ইন্দোৰ চহৰৰ পৰা 10 কি.মি নিলগত অৱস্থিত চিন্দোডা গাঁৱৰ প্ৰতিটো ঘৰ তথা দেৱালৰ ৰং নীলা হোৱা বাবে মধ্য প্ৰদেশত এই গাঁৱখন 'ব্লু ভিলেজ' নামেৰে খ্যাত ৷ এই নীলা ৰঙে এক অৰ্থও সূচায় ৷ গাঁৱবাসীৰ মতে, নীলা ৰঙে গাঁৱখন প্লাষ্টিক মুক্ত হিচাপে চিহ্নিত কৰে ৷ কেৱল এয়াই নহয় সেই দেৱালসমুহত প্লাষ্টিক বিৰোধী শ্লোগানৰ লগতে, স্বচ্ছতাৰ কিছুমান উদাহৰণো লিপিবদ্ধ কৰা হৈছে ৷ মহাত্মা গান্ধীৰ 150তম জন্মজয়ন্তীত চিন্দোডা গাঁৱৰ নিৱাসীসকলে 385 টা ঘৰেৰে আবৃত নিজৰ গাঁৱখন, একক ব্যৱহৃত প্লাষ্টিকৰ পৰা মুক্ত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে ৷
আৰম্ভণিতে গাঁৱবাসীয়ে বহুতো সমস্যাৰ মুখামুখি হৈছিল, কিন্তু অতি শীঘ্ৰেই তেওঁলোকে ঘৰৰ যাৱতীয় সামগ্ৰী কঢ়িয়াবলৈ পৰিৱেশ অনুকুল বেগ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে ৷ সকলো ঘৰ আৰু দোকানতে প্লাষ্টিক ব্যৱহাৰৰ ওপৰত নজৰ ৰাখিবলৈ প্ৰায় 10টা দল নিয়োজন কৰা হ'ল ৷ সৰ্বসাধাৰণ লোকক উৎসাহিত কৰিবলৈ গাঁও পঞ্চায়ত ভৱনৰ কাষতে থকা এডাল গছ সম্পূৰ্ণৰূপে কাপোৰৰ বেগেৰে সজাই তুলিছে গাঁওবাসীয়ে ৷ মহাত্মা গান্ধীৰ দৰ্শন অনুকৰণ কৰি সমগ্ৰ দেশতে যি পৰিৱৰ্তন বিচাৰে সেই পৰিৱৰ্তন ব্লু ভিলেজে স্বচ্ছ ভাৰত অভিযানেৰে ৰূপায়ন কৰাৰ প্ৰচেষ্টা কৰিছে ৷
লগতে পঢ়ক: স্থানীয়সকলৰ বাবে চাকৰিৰ সংৰক্ষণে নিবনুৱা সমস্যা সমাধান কৰিবনে?