চিটাৰা ডেস্ক, 24 আগষ্ট: সুশান্ত সিং ৰাজপুটৰ আত্মহত্যা সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত থকাৰ সময়তে বহুচৰ্চিত ক’মেডী শ্ব’ দ্যা কপিল শৰ্মা শ্ব’ বৰ্জনৰ দাবী উত্থাপন কৰিছে সুশান্তৰ অনুৰাগীসকলে ৷ কিয়নো এই ক’মেডী শ্ব’ৰ প্ৰডাকচন টীমত চুপাৰষ্টাৰ চলমান খানো জড়িত হৈ আছে ৷
সোমবাৰে Justice For Sushant Singh Rajput #SSR নামৰ এটা ফেচবুক গ্ৰুপে সকলো সদস্যকে সম্পূৰ্ণৰূপে ‘দ্যা কপিল শৰ্মা শ্ব’ বাতিল কৰিবলৈ আহ্বান জনায় ৷
দ্যা কপিল শৰ্মা শ্ব’ বৰ্জনৰ দাবী সুশান্ত অনুৰাগীৰ ইয়াৰ লগতে 91,000 জন সদস্য সাঙুৰি লোৱা এই ফেচবুক গ্ৰুপটোৱে উল্লেখ কৰে যে, ‘দ্যা কপিল শৰ্মা শ্ব’ৰ সহ প্ৰযোজক হিচাপে অভিনেতা চলমান খান জড়িত হৈ আছে ৷ গতিকে চলমান খানৰ ছবিসমূহ বৰ্জন কৰাৰ লগতে তেওঁ জড়িত হৈ থকা সকলো শ্ব’ বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সুশান্তৰ অনুৰাগীসকলে ৷ সেয়েহে সকলো সুশান্ত অনুৰাগীকে এই কমেডী শ্ব’টো বৰ্জন কৰিবলৈ গ্ৰুপটোৱে আহ্বান জনায় ৷
লগতে পঢ়ক:কৌন বনেগা কৰোড়পতিৰ শ্বুটিঙলৈ উভতিছে বিগ বি