চিটাৰা ডেস্ক,26 ডিচেম্বৰ:অপৰিকল্পিতভাৱে আমি এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছো ৷ এই মন্তব্য টেলিভিশ্যনৰ জনপ্ৰিয় অভিনেতা বৰুণ সোবতীৰ ৷ অভিনেতাগৰাকীয়ে কয় যে, কৰ’ণা মহামাৰীৰ সময়ছোৱাত তেওঁৰ দৰে অভিনেতাসকলে নিজৰ যথাযত প্ৰাপ্য লাভ কৰাৰ লগতে এক বিশাল দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছে ৷
বৰুণে কয়, "যেতিয়া লোকসকলে সেউজ বিপ্লৱত অংশগ্ৰহণ কৰিছিল তেতিয়া তেওঁলোকে জনা নাছিল যে তেওঁলোক সেউজ বিপ্লৱৰ অংশ ৷ একেদৰে আমি অভিনেতাসকলেও এক ডিজিটেল বিপ্লৱৰ অংশ হৈ পৰিছো য’ত গৃহ মনোৰঞ্জনৰ ভাৱধাৰা সম্পূৰ্ণ সলনি হৈ পৰিছে ৷ হয় বিশ্ব মহামাৰীৰ বাবে ই আৰু অধিক ৰাইজৰ দৃষ্টিগোচৰ হৈ পৰিছে ৷ মোৰ দৰে অভিনেতা সকলে ইয়াক উপভোগ কৰিছো ৷ মই এটি অতি অনন্দময় স্থানত আছো আৰু মই মোৰ কেৰিয়াৰত সদায় এই স্থানতে থাকিব বিচাৰিছিলো ৷"