গুৱাহাটী,20 জুন : পুনৰ ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল অসমৰ বোৱাৰী । 18 জুনত দিল্লীত অনুষ্ঠিত হোৱা মিচেচ ইণ্ডিয়া হোম মেকাৰত অসমৰ কেইবাগৰাকী বোৱাৰীয়ে অংশ লৈ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । কিৰন বড়োৰ তত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ 11 গৰাকী বোৱাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত 2 গৰাকী বোৱাৰীয়ে এনেদৰে বিজয়ী হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় ।
পুনৰ ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠিল অসমীয়া
18 জুনত দিল্লীত অনুষ্ঠিত হোৱা মিচেচ ইণ্ডিয়া হোম মেকাৰত অসমৰ কেইবাগৰাকী বোৱাৰীয়ে অংশ লৈ বিজয়ী হৈ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । কিৰন বড়োৰ তত্বাৱধানত অসমৰ বিভিন্ন প্ৰান্তৰ 11 গৰাকী বোৱাৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত 2 গৰাকী বোৱাৰীয়ে এনেদৰে বিজয়ী হৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয় ।
ETV BHARAT
আনহাতে অন্য এটা শাখাত ডেইজী বসুমটাৰীয়ে মিছ কুইন ইউনিভাৰ্চৰ খিতাপ দখল কৰে । লগতে চুইটি গয়াৰীয়ে মিচ ইণ্ডিয়া কুইন অৱ কুইন খিতাপ দখল কৰি সুনাম কঢ়িয়াই আনে । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই সফলতাৰ কথা ব্যক্ত কৰে ।