অসম

assam

ETV Bharat / sitara

"ন'টবুক"- এক অগতানুগতিক প্ৰেম কাহিনী

এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"

By

Published : Mar 31, 2019, 10:07 AM IST

নিউজ ডেক্স,৩১ মাৰ্চঃ শেহতীয়াকৈ মুক্তি পালে চলমান খানৰ দ্বাৰা নিৰ্মিত ছবি "ন'টবুক" । চলমান খানৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনে দুখন নতুন মুখ চিনাকী কৰাই দিয়াৰ লগতে দৰ্শকৰ মাজলৈ লৈ আনে এক অগতানুগতিক প্ৰেম কাহিনী ।

এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"
চলচ্চিত্ৰখনৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে যে কেনেকৈ দুটা শৰীৰ কাষ নচপাকৈয়ে দুটা আত্মাৰ মিলন হ'ব পাৰে ।চলচ্চিত্ৰখনৰ মাধ্যমেদি প্ৰকাশ পাইছে যে , কেৱল শব্দৰ বান্ধোনতো বান্ধ খাব পাৰে প্ৰেমৰ দৰে নিষ্পাপ সম্বন্ধ ।চলচ্চিত্ৰখনত নৱাগত অভিনেতা জহীৰ ইকবালে নিজৰ সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে প্ৰথমবাৰতেই দৰ্শকৰ মনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে । সেইদৰে সমান্তৰালভাৱে নৱাগত অভিনেত্ৰী প্ৰনোতনে নিজৰ মননশীল অভিনয়ৰ জৰিয়তে দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে ।
এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"

কাশ্মীৰত শ্বুটিং কৰা চলচ্চিত্ৰখনৰ দৃশ্যাংশসমূহো যথেষ্ট মনপৰশা । মুখ্য চৰিত্ৰ কেইটাৰ উপৰিও কনমানি অভিনেতা-অভিনেত্ৰীসকলৰ অভিনয়ো যথেষ্ট সুন্দৰ হৈছে ।

এক অগতানুগতিক প্ৰেম কাহিনী "ন'টবুক"
মুঠৰ ওপৰত দৰ্শকক গতানুগতিক মানদণ্ডৰ পৰা আঁতৰি কিছু পৃথক ধৰণৰ সোৱাদ দিবলৈ সক্ষম হৈছে চলমানখানৰ ন'টবুকে ।

ABOUT THE AUTHOR

...view details