অসম

assam

ETV Bharat / sitara

যশৰাজ ফিল্মছৰ 'প্ৰজেক্ট ৫০' : ২৭ ছেপ্টেম্বৰত হ'ব ঘোষণা

যশৰাজ ফিল্মছৰ 'প্ৰজেক্ট ৫০'য়ে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰিছে বলীউডত। অহা ২৭ ছেপ্টেম্বৰত ঘোষণা হ'ব 'প্ৰজেক্ট ৫০'ৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ছবিৰ নাম। 'প্ৰজেক্ট ৫০'ৰ অংশ হিচাপে যশৰাজ ফিল্মছৰ দ্বাৰা নিৰ্মিত হ'বলগীয়া এখন ছবিত একেলগে দেখা যাব অভিনেতা বিকী কৌশল আৰু মানুসী ছিল্লাৰক ৷

By

Published : Aug 19, 2020, 10:56 AM IST

'প্ৰজেক্ট ৫০'ত বিকী-মানুসী
'প্ৰজেক্ট ৫০'ত বিকী-মানুসী

এন্টাৰটেইনমেন্ট ডেস্ক, 19 আগষ্ট :যশৰাজ ফিল্মছৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিত স্বত্বাধিকাৰী আদিত্য চোপ্ৰাই কৰিব 'প্ৰজেক্ট ৫০'ৰ ঘোষণা। যশৰাজ ফিল্মছৰ দ্বাৰা নিৰ্মিত হ'বলগীয়া এখন ছবিত অভিনয় কৰিব জনপ্ৰিয় অভিনেতা বিকী কৌশলে।

হাস্যৰসধৰ্মী ছবিখনত বিকী কৌশলৰ বিপৰীতে দেখা যাব মডেল তথা অভিনেত্ৰী মানুসী ছিল্লাৰক। ২০১৭ চনত 'মিছ ওৱৰ্ল্ড' খিতাপ অৰ্জন কৰা মানুসী ছিল্লাৰে 'পৃথ্বীৰাজ' ছবিত অক্ষয় কুমাৰৰ সৈতে অভিনয় কৰি বলীউডত পদাৰ্পন কৰিছিল। 'প্ৰজেক্ট ৫০'ৰ লগত সংগতি ৰাখি নিৰ্মাণ হ'বলগীয়া ছবিসমূহত অভিনয় কৰিব বলীউডৰ নামী-দামী তাৰকাই।

ছুপাৰষ্টাৰ অক্ষয় কুমাৰ, ছলমান খান, ৰণবীৰ কাপুৰ, মাধুৰী দিক্ষিত, কেটৰিনা কাঈফকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে এই ছবিসমূহত অভিনয় কৰিব। 'প্ৰজেক্ট ৫০'ৰ লগত জড়িত হ'ব সিদ্ধাৰ্থ আনন্দ, মনিষ কুমাৰ, কবিৰ খানৰ দৰে নিৰ্দেশক। অহা ২৭ ছেপ্টেম্বৰত আদিত্য চোপ্ৰাই 'প্ৰজেক্ট ৫০'ৰ ঘোষণা কৰিব। 'বাণ্টি অউৰ বাব্লী ২', 'ছমছেৰা', 'জয়শ ভাই যোৰদাৰ' আদি ছবি 'প্ৰজেক্ট ৫০'ৰ অন্তৰ্ভুক্ত হ'ব ৷

লগতে পঢ়ক :বিপদত পৰিব পাৰে সুশান্ত সিং ৰাজপুতৰ ঘটনাৰ সাক্ষী

ABOUT THE AUTHOR

...view details