অসম

assam

ETV Bharat / sitara

বোৰ্খা বিতৰ্কৰ মাজতে চাওঁ আহক বলীউডৰ কেইটামান বোৰ্খা পৰিহিত চৰিত্ৰ

দেশত বৰ্তমানে চলি আছে বোৰ্খা বিতৰ্ক ৷ বলীউডত বিভিন্ন ছবিত শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি প্ৰিয়ংকা চোপ্ৰা, টাবু, বিদ্যা বালন সকলোৱে পৰিধান কৰিছিল বোৰ্খা ৷ চাওঁ আহক কেইখনমান বিশেষ ফটো...

hijab and burqa
বোৰ্খা বিতৰ্কৰ মাজতে চাওঁ আহক বলীউডৰ কেইটামান বোৰ্খা পৰিহিত চৰিত্ৰ

By

Published : Feb 11, 2022, 7:37 PM IST

চিটাৰা ডেস্ক, 11 ফ্ৰেব্ৰুৱাৰী : কৰ্ণাটকৰ এখন শিক্ষানুষ্ঠানত এগৰাকী ছাত্ৰীক বোৰ্খা পৰিধান কৰি শ্ৰেণীকোঠাত সোমাবলৈ নিদিয়াক লৈ দেশত এতিয়া চলি আছে বোৰ্খা বিতৰ্ক ৷ এই সন্দৰ্ভত সোমবাৰে ৰায়দান দিব আদালতে ৷

আমি আপোনালোকলৈ আগবঢ়াইছো বোৰ্খা পিন্ধি বলীউডৰ অভিনেত্ৰী সকলে কি কি চৰিত্ৰ ৰূপায়ন কৰিছিল...

দীপিকা পাডুকন

বলীউডৰ শীৰ্ষ অভিনেত্ৰী দীপিকা পাডুকনে শ্বাহৰুখ খানৰ বিপৰীতে ওম শান্তি ওম (2007) ৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল ৷ ছবিখনত শ্বাহৰুখক মনে মনে লগ কৰিবলৈ যোৱাৰ পৰত দীপিকাই বোৰ্খা পৰিধান কৰিছিল ৷

দীপিকা পাডুকন

আলিয়া ভাট

ৰাজী আৰু গলী বয়ত মুছলমান যুৱতীৰ ৰূপত আলিয়াই বোৰ্খা পৰিধান কৰিছিল ৷

আলিয়া ভাট

দিয়া মিৰ্জা

ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কৰ আধাৰত নিৰ্মিত কাফিৰ চিৰিজটোত দিয়া মিৰ্জাই বোৰ্খা পিন্ধিছিল ৷

দিয়া মিৰ্জা

বিদ্যা বালন

ওৱানচ্ আপন এ টাইম ইন মুম্বাই দোৱাৰা ত কেমিঅ’ চৰিত্ৰ ৰূপায়ন কৰা বিদ্যা বালনে ছবিখনৰ এটা গানত বোৰ্খা পিন্ধিছিল ৷

বিদ্যা বালন

কেটৰিণা কাইফ

মেৰে ব্ৰাডাৰ কি দুল্হন আৰু এক থা টাইগাৰত বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিণাই বোৰ্খা পৰিধান কৰিছিল ৷

কেটৰিণা কাইফ

প্ৰিয়ংকা চোপ্ৰা

দেশী গাৰ্ল প্ৰিয়ংকাই সাত খুন মাফত পৰিধান কৰিছিল বোৰ্খা ৷

প্ৰিয়ংকা চোপ্ৰা

শ্ৰদ্ধা কাপুৰ

হাসীনা পাৰকৰ ত শ্ৰদ্ধাই ডাউদ ইব্ৰাহিমৰ ভনীয়েকৰ চৰিত্ৰ ৰূপায়ন কৰোতে বোৰ্খা আৰু হিজাব পৰিধান কৰিছিল ৷

শ্ৰদ্ধা কাপুৰ

টাবু

শ্বাহিদ কাপুৰ অভিনীত হাইদৰ ত টাবুৱে পৰিধান কৰিছিল বোৰ্খা ৷

টাবু

লগতে পঢ়ক:ধৰমশালা: তিব্বেতীয়ান সংস্কৃতিৰে ভৰপূৰ এখন চহৰ

ABOUT THE AUTHOR

...view details