চিটাৰা ডেস্ক, 8 জুনঃ প্ৰৱাসী শ্ৰমিকক ঘৰলৈ পঠিওৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা কৰি দিছে জনপ্ৰিয় অভিনেতা চনু চুডে ৷ ইয়াৰ মাজতেই অভিনেতাগৰাকী হৈ পৰিছে ৰিলেশ্বনশ্বিপ গুৰু ৷ তেওঁ প্ৰেমিক যুগলক দি আছে সম্বন্ধ বচোৱাৰ উপদেশ ৷
গুৱাহাটীত থকা এগৰাকী হাৰিয়ানাৰ মানুহে লিখিছিল," প্ৰিয় ছাৰ,মই অসমৰ গুৱাহাটীত আছো আৰু হাৰিয়ানাৰ ৰেৱাৰীৰ নিজৰ টাউনলৈ যাব বিচাৰিছো ৷ লক্ ডাউনৰ পিছত বহুত সমস্যাৰ সন্মুখীন হৈছো ৷ এই পৰ্যন্ত হৈছে,বৰ্তমান মোৰ পত্নীৰ লগত কাজিয়া হৈ গৈছে বৰ্তমান দুয়োৱে আমি বিবাহ বিচ্ছেদ কৰিব বিচাৰো ৷ অনুগ্ৰহ কৰি মোক গুৱাহাটীৰ পৰা দিল্লীলৈ যোৱাৰ কিবা এটা ব্যৱস্থা কৰক ৷ মই গোটেই জীৱন আপোনাৰ কৃতজ্ঞ হৈ ৰ'ম ৷"