অসম

assam

ETV Bharat / sitara

ইন্দোৰত কাণ্ডকলৈ বি-টাউনবাসীৰ প্ৰতিক্ৰিয়া

ইন্দোৰত চিকিৎসা কৰ্মীৰ ওপৰত আক্ৰমণ একাংশৰ ৷ এই কাণ্ডকলৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ বি- টাউনবাসীয়েও এই সন্দৰ্ভত প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া ৷

Shabana Azmi, Hema Malini condemn the attack on doctors in Indore
ইণ্ডোৰ কাণ্ডকলৈ বি-টাউনবাসীৰ প্ৰতিক্ৰিয়া

By

Published : Apr 3, 2020, 5:10 PM IST

Updated : Apr 3, 2020, 8:47 PM IST

চিটাৰা ডেস্ক,3 এপ্ৰিলঃ ইন্দোৰত চিকিৎসাকৰ্মীৰ ওপৰত আক্ৰমণকাৰী দলটোক যথেষ্ট গৰিহণা দিয়ে ছাভানা আজমী , হেমা মালিনী, ঋষি কাপুৰৰ দৰে প্ৰসিদ্ধ তথা অভিজ্ঞ অভিনেতাই ৷

ঘটনাৰ বিৱৰণী অনুসৰি মধ্যপ্ৰদেশ ইণ্ডোৰৰ তাতাপট্টী বাখল নামে ঠাইত বৃহস্পতিবাৰে কৰ'ণাত আক্ৰান্ত আৰু তেওঁৰ পৰিয়ালবৰ্গক নিৰীক্ষণ কৰিবলৈ যাওঁতেই এটা চিকিৎসা কৰ্মীৰ দলক শিলগুটি দলিয়াই, বৰ্বৰতাৰে আক্ৰমণ কৰে একাংশ ব্যক্তিয়ে ৷ ইয়াৰ ফলত দুগৰাকী মহিলা চিকিৎসকও আঘাতপ্ৰাপ্ত হয় ৷

আক্ৰমণাত্মক ভিডিঅ'টো ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত দেশজুৰি এই ঘটনাৰ ব্যাপক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে ৷ ছাভানা আজমীয়ে এই সন্দৰ্ভত টুইট যোগে লিখে," ডা৹ তৃপ্তি আৰু ডা৹ ৰাজিয়া প্ৰকৃত আদৰ্শ ৷ ইমানেই নহয়, যি সকলে তেওঁলোকক পাথৰ দলিয়ালে, সেই সকলৰ ব্যৱহাৰ যথেষ্ট লজ্জাজনক আৰু গৰিহণাযোগ্য় ৷"

ছাভানা আজমীৰ উপৰিও অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী হেমা মালিনীয়ে উক্ত ঘটনা সন্দৰ্ভত চ'ছিয়েল মিডিয়াযোগে নিজৰ মন্তব্য প্ৰকাশ কৰে ৷

অভিনেত্ৰী শিল্পা চেট্টীয়ে কয়, " স্বাস্থ্য কৰ্মীক আক্ৰমণ কৰাৰ সলনি মহামাৰীৰ বিপক্ষে যুঁজ দিবৰ বাবে সকলো একগোট হ'ব লাগে ৷ "এওঁলোকৰ উপৰিও বি-টাউনৰ দীপান্বিতা শৰ্মা , প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰেও নিজৰ মন্তব্য প্ৰকাশ কৰে ছ'চিয়েল মিডিয়াযোগে ৷

লগতে পঢ়কঃবাদছাহে নকল কৰিছিল নেকি "গেণ্ডা ফুল" গীতটি ?

Last Updated : Apr 3, 2020, 8:47 PM IST

ABOUT THE AUTHOR

...view details