অসম

assam

ETV Bharat / sitara

পাকিস্তানত মুক্তি দিয়া নহয় 'নোটবুক'

পুলৱামা আক্ৰমণৰ বিৰুদ্ধে বলিউডৰ সিদ্ধান্ত

পাকিস্তানত মুক্তি দিয়া নহয় "নোটবুক"

By

Published : Feb 22, 2019, 4:51 AM IST

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰীঃ ছলমান খানৰ প্ৰডাকচনত নিৰ্মাণ হোৱা বলিউডৰ আহিবলগীয়া ছবি "নোটবুক"ক মুক্তি দিয়া নহয় পাকিস্তানত ।

জম্মু-কাশ্মীৰৰ পুলৱামাত চিআৰপি এফৰ জোৱানৰ ওপৰত আত্মঘাতী আক্ৰমণ হোৱাৰ পিচতেই এই সিদ্ধান্ত নোটবুক ছবিৰ নিৰ্মাতা মুৰাদ খেতানীৰ । এই আক্ৰমণৰ পাচতেই বহু বলিউডৰ ছবি পাকিস্তানত মুক্তি নিদিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও অভিনেতা শ্বাহিদ কাপুৰ অভিনীত ছবি 'কবীৰ সিঙ'ও পাকিস্তানত মুক্তি দিয়া নহয় ।

নোটবুক ছবিখনৰ প্ৰচাৰৰৰ এক কাৰ্যসূচীত মুৰাদ খেতানীয়ে পাকিস্তান মুক্তি নিদিয়াৰ কথা উল্লেখ কৰিছিল ।

এই ছবি খনৰ কাহিনী কাশ্মীৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ কাশ্মীৰত কেৱল ভাৰতীয় সেনা আৰু তাৰ স্থানীয় লোক সকলৰ বাবে সম্ভৱ হৈ উঠিছে। ইমান কঠিন পৰিস্থিতিৰ সময়তো ছবিখনৰ শ্বুটিং সুন্দৰ কৈ হ'ল বুলি মন্তব্য কৰে খেতানীয়ে । লগতে কয় যে পুলৱামাত কাণ্ডত শ্বহীদ হোৱা আমাৰ বীৰ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো ।

উল্লেখ্য় যে, ইয়াৰ আগতে টোটেল ধামালৰ নিৰ্মাণ গোষ্ঠীয়েও পাকিস্তানত ছবিখন মুক্তি নিদিয়াৰ কথা ঘোষণা কৰিছিল।

ABOUT THE AUTHOR

...view details