অসম

assam

ETV Bharat / sitara

ডিডিএলজেৰ পুৰণি ফটো শ্বেয়াৰ কৰি নষ্টালজিক কাজল

'যেতিয়া আমি এনেদৰে কাপোৰ পিন্ধি বাহিৰলৈ গৈছিলো' বুলি কেপচন লিখি ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিলে অভিনেত্ৰী কাজলে। 'মেহেন্দী লগাকে ৰাখনা' শীৰ্ষক জনপ্ৰিয় গীতটোৰ এখন বিশেষ ফটো শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।

 Dilwale Dulhania Le Jayenge
Kajol recalls time before COVID-19 by sharing still from Dilwale Dulhania Le Jayenge

By

Published : Jun 2, 2020, 4:31 PM IST

Updated : Jun 2, 2020, 8:02 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক, ২ জুনঃ কোভিড ১৯ৰ সংকটৰ সময়ত অতীত স্মৃতি ৰোমন্থন কৰি অভিনেত্ৰী কাজলে মঙলবাৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এখন ফটো । বলীউডৰ জনপ্ৰিয় ছবি 'Dilwale Dulhania Le Jayenge'ৰ সেউজীয়া লেহেঙ্গা পৰিধান কৰা এখন ফটো শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে। ছবিখনত সীমৰণৰ চৰিত্ৰত অভিনয় কৰিছিল কাজলে।

ডিডিএলজেৰ পুৰণি ফটো শ্বেয়াৰ কৰি নষ্টালজিক কাজল

'যেতিয়া আমি এনেদৰে কাপোৰ পিন্ধি বাহিৰলৈ গৈছিলো' বুলি কেপচন লিখি ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰি নষ্টালজিক হৈ পৰে ৪৫ বছৰীয়া অভিনেত্ৰীগৰাকী। 'Dilwale Dulhania Le Jayenge' ছবিখনৰ 'মেহেন্দী লগাকে ৰাখনা' শীৰ্ষক জনপ্ৰিয় গীতটোত এই ৰূপত দেখিবলৈ পোৱা গৈছিল সীমৰণক।

কাজলে শ্বেয়াৰ কৰা ফটোখনত বিখ্যাত ডিজাইনাৰ মণিষ মালহোট্ৰাই কমেণ্ট কৰে। 'এই ছবিখন আমাৰ সময়ৰ আইকণিক ছবি হিচাপে বিবেচিত হৈছিল' বুলি কমেণ্ট কৰে ডিজাইনাৰ গৰাকীয়ে।

উল্লেখ্য় যে, আদিত্য চোপ্ৰাই পৰিচালনা কৰা ডিডিএলজে ছবিখন মুক্তি লাভ কৰিছিল ১৯৯৫ চনৰ ২০ অক্টোবৰত। ডিডিএলজে ভাৰতীয় ছবিৰ ইতিহাসত এখন সফল ছবি । ছবিখনত কাজলৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে ।

লগতে পঢ়কঃ বেজেৰাত কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ

Last Updated : Jun 2, 2020, 8:02 PM IST

ABOUT THE AUTHOR

...view details