অসম

assam

ETV Bharat / sitara

অভিনেত্ৰী অমিষাৰ বিৰুদ্ধে অভিযোগ পৰিচালকৰ

পৰিচালক অজয় কুমাৰ সিঙৰ পৰা বিগত বৰ্ষত এখন ছবি কৰিবলৈ অমিষা পেটেলে লৈছিল 2.50 কোটি টকা । পইচা লোৱাৰ সময়ত অভিনেত্ৰী গৰাকীয়ে পইচা উভতাই দিয়াৰ বাবে চুক্তিবদ্ধ হৈছিল পৰিচালক গৰাকীৰ সৈতে

অমিষা পেটেল

By

Published : Mar 30, 2019, 7:53 PM IST

নিউজ ডেস্ক, 30 মাৰ্চঃ বলিউড অভিনেত্ৰী অমিষা পেটেলৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ পৰিচালক অজয় কুমাৰ সিঙৰ । পৰিচালকজনে 2.50 কোটি উভতাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে । উল্লেখ্য যে, পৰিচালক অজয় কুমাৰ সিঙৰ পৰা বিগত বৰ্ষত এখন ছবি কৰিবলৈ অমিষা পেটেলে লৈছিল 2.50 কোটি টকা । পইচা লোৱাৰ সময়ত অভিনেত্ৰী গৰাকীয়ে পইচা উভতাই দিয়াৰ বাবে চুক্তিবদ্ধ হৈছিল পৰিচালক গৰাকীৰ সৈতে । চুক্তিমতে অভিনেত্ৰী গৰাকীয়ে ছবিখনৰ কাম শেষ হোৱাৰ পাচতেই পৰিচালকজনক পইচা ঘূৰাই দিব অমিষাই । কথা মতে ডিচেম্বৰত অমিষাই তিনি কোটি টকাৰ এখন চেক দিয়ে পৰিচালকজনক । কিন্তু অভিনেত্ৰী গৰাকীয়ে দিয়া চেকখন বাউঞ্চ বুলি কয় পৰিচালকজনে । চেকখন সন্দৰ্ভত পৰিচালকজনে অভিনেত্ৰী গৰাকীক অৱগত কৰে যদিও চেকখনৰ বিষয়ে মানি নলয় অভিনেত্ৰী গৰাকীয়ে । যাৰ বাবে ঘটনা সন্দৰ্ভত আদালতৰ কাষ চাপে পৰিচালক অজয় কুমাৰ সিঙে ।

ABOUT THE AUTHOR

...view details