চিটাৰা ডেস্ক, ১ এপ্ৰিল: টুইটযোগে অভিনেতা অনুপম খেৰে জনাইছে যে, তেওঁৰ পত্নী তথা প্ৰবীণ অভিনেত্ৰী কিৰণ খেৰ তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে । বৰ্তমান কিৰণ খেৰৰ চিকিৎসা চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে । তেওঁ টুইটত লিখিছে যে, তেওঁৰ পত্নী এগৰাকী যোদ্ধা আৰু শীঘ্ৰেই কৰ্কট ৰোগকো পৰাস্ত কৰিব ।
ইনষ্টাগ্ৰাম পোষ্টত অনুপম খেৰে লিখিছে যে, উৰাবাতৰিৰে পৰিস্থিতি ভাল অৱস্থালৈ নাহে । সেয়ে, পুত্ৰ ছিকন্দৰ আৰু তেওঁ বিজেপি সাংসদ তথা অভিনেত্ৰী কিৰণ খেৰৰ অসুস্থতাৰ বিষয়ে নিজে অনুৰাগীৰ আগত প্ৰকাশ কৰিছে বুলি পোষ্টটোত লিখিছে অনুপম খেৰে ।