অসম

assam

ETV Bharat / sitara

সুস্থ হৈ উঠিছে অক্ষয় কুমাৰ

সুস্থ হৈ উঠিছে ৪ এপ্ৰিলত ক'ৰণাত আক্ৰান্ত হোৱা বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। সোমবাৰে ছচিয়েল মিডিয়াযোগে এই কথা জনালে অক্ষয়ৰ পত্নী টুইংকল খান্নাই ।

কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ সুস্থ
সুস্থ হৈ উঠিছে অক্ষয় কুমাৰ

By

Published : Apr 12, 2021, 7:41 PM IST

চিটাৰা ডেস্ক, ১২ এপ্ৰিল: ক'ভিড-19 ত আক্ৰান্ত বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে আৰোগ্য লাভ কৰিছে । সোমবাৰে অক্ষয়ৰ পত্নী টুইংকল খান্নাই ছচিয়েল মিডিয়া যোগে এই কথা জানিবলৈ দিয়ে ৷ ৪ এপ্ৰিলত ক'ৰণাত আক্ৰান্ত হোৱাৰ এদিন পাছতে অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকৰ পৰামৰ্শ অনুযায়ী তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি অভিনেতাগৰাকীয়ে টুইটযোগে জানিবলৈ দিছিল ৷ প্ৰথম অৱস্থাত হোম কোৱাৰেন্টাইনত থাকিয়ে ক'ভিড-19 সম্পৰ্কীয় সকলো নীতি নিয়ম অনুসৰণ কৰি থকাৰ কথা প্ৰকাশ কৰিছিল ৫৩ বছৰীয়া অক্ষয়ে ।

ক'ৰণাত আক্ৰান্ত হোৱাৰ পূৰ্বে অভিনেতা গৰাকী তেওঁৰ আহিব লগীয়া ছবি 'ৰামসেতু' ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল । শেহতীয়াকৈ ছবিখনৰ ৪৫ গৰাকী কলা-কুশলীও ক'ৰণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । উল্লেখ্য যে, একশ্যনধৰ্মী ছবি 'ৰামসেতু' ৰ দৃশ্যগ্ৰহণৰ পাঁচ দিন পাছতে অক্ষয় কুমাৰ ক'ৰণাত আক্ৰান্ত হয় ৷

জানিব পৰা মতে, ৰাম সেতুৰ উপৰিও অভিনেতা গৰাকীক হাউছফুল ৫, বচ্চন পাণ্ডে, আত্ৰাংগী ৰে, বেল বটম আৰু সূৰ্যবংশীকে ধৰি আন কেইবাখনো ৰোমাঞ্চকৰ ছবিত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: সম্পাদনা কক্ষত নতুন অসমীয়া ছবি ‘দাদা তুমি দুষ্ট বৰ’

ABOUT THE AUTHOR

...view details