নেশ্যনেল ডেস্ক,11 মাৰ্চ:টাইৱানিজ কোম্পানী ASUS ৰ এটা উপ-ব্ৰেণ্ড ৰিপাব্লিক অৱ গেমাৰছ (ROG) য়ে ভাৰতত ইয়াৰ ROG Phone 5 শৃংখলাৰ অধীনত তিনিটা গেমিং স্মাৰ্টফোন মুকলি কৰিছে ৷ ROG Phone 5 ৰ আৰম্ভণি মূল্য 49,999 ধাৰ্য কৰাৰ পৰিৱৰ্তে ROG Phone 5 Pro ৰ মূল্য 69,999 ধাৰ্য কৰা হৈছে আৰু ROG Phone 5 Ultimate 79,999 ত বজাৰত উপলব্ধ হ'ব ৷
ASUS India & South Asia ৰ চিষ্টেম বিজনেছ গ্ৰুপৰ আঞ্চলিক সঞ্চালক Leon Yu য়ে জানিবলৈ দিয়া মতে ক'ৰণা অতিমাৰীৰ কালছোৱাতো ভাৰতৰ বজাৰত ম’বাইল আৰু কম্পিউটাৰৰ দুয়োখন বজাৰতে ROG ব্ৰেণ্ডে অবিশ্বাস্যভাৱে ভাল ফলাফল দেখুওৱা পৰিলক্ষিত হৈছিল ৷
ROG Phone 5 শৃংখলাৰ বিশেষত্ব সমূহ হৈছে-
- গৰিলা গ্লাছ প্ৰটেকশ্যন আৰু144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে ছেমছাং AMOLED ডিচপ্লে
- আল্ট্ৰা-ফাষ্ট টাচ লেটেন্সী আৰু আল্ট্ৰা-শ্ল' স্লাইড লেটেন্সী
- চিমেট্ৰিকেল দুৱেল ফ্ৰণ্ট ফেচিং স্পীকাৰ্চ
- 3.5 mm ESS হেডফোন জেক
- এয়াৰ ট্ৰিগাৰ 5 কণ্ট্ৰ'ল চিষ্টেম
- হেপটিক অডিঅ' ফিচাৰ
- 65 ৱাট হাইপাৰ চাৰ্জ এডাপ্টৰৰ সৈতে 6000mAh বেটেৰী
- চাইড মাউণ্টেড চাৰ্জিং পইণ্ট
- ক'লা আৰু বগা দুটা ৰঙত ই উপলব্ধ
- কুৱালকম স্নেপড্ৰেগন 888 5G ম’বাইল প্লেটফৰ্ম
- CPU প্ৰদৰ্শন 25 % লৈ বৃদ্ধি
- 3D ভেপৰ চেম্বাৰ আৰু গ্ৰাফিক চিট
- এৰ'এক্টিভ কুলাৰ
- হাই আলট্ৰা ষ্টেবল FPS গেমিং
আল্ট্ৰা ৱাইড এংগল আৰু মেক্ৰ চেন্সৰৰ সৈতে চ’নী IMX686 64MP মেইন কেমেৰা
এই ROG ফোন 5 শৃংখলা ফ্ল্যাগশীপ কোৱালকম স্নেপড্ৰেগন 888 5G ম'বাইল প্লেটফৰ্মৰ দ্বাৰা চালিত হোৱাৰ লগতে ইয়াৰ আভ্যন্তৰীণ ষ্ট’ৰেজ হৈছে 18GB RAM আৰু 512GB ৷ এই শৃংখলাৰ অন্য কিছু বৈশিষ্ট্য হৈছে উন্নত 5G যোগাযোগ আৰু প্ৰিমিয়াম কোৱালকম স্নেপড্ৰেগন আৰু এলিট গেমিঙৰ সুবিধা ৷