অসম

assam

ETV Bharat / jagte-raho

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । চিৰাঙত চোৰাং কাঠ সৰবৰাহ কৰি গ্ৰেপ্তাৰ বন বিভাগৰ কৰ্মচাৰী । জব্দ তিনিখন গাড়ীসহ বুজন পৰিমানৰ চোৰাং কাঠ ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

By

Published : Aug 12, 2020, 2:25 AM IST

চিৰাং, 12 আগষ্ট : চিৰাঙত চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে বন বিভাগৰ কৰ্মচাৰী গ্ৰেপ্তাৰ । কৰ'ণা মহামাৰীৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই যোৱাৰ পৰিপ্ৰেক্ষিত পৰিষদৰ শাসনভাৰ ৰাজ্যপালৰ হাতত ন্যস্ত আছে । ৰাজ্যপালগৰাকীয়ে পৰিষদীয় অঞ্চলটোত বৃক্ষৰোপনকে ধৰি বনবিভাগত সংঘটিত দুৰ্নীতি সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ফলত বিটিএডিৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাং জিলাখনতো ৰাজ্যপাল শাসনৰ সময়ছোৱাত আৰক্ষী তথা বনবিভাগৰ অভিযানত ব্যাপক হাৰত চোৰাং কাঠ জব্দ কৰা পৰিলক্ষিত হৈছে । বিটিএডিৰ চিৰাং জিলাখনত বিগত 24 ঘন্টাত চিৰাং আৰক্ষীৰ দুই সফল অভিযানত দুখন টাটা ডিআইগাড়ী,এখন ট্ৰেক্টৰসহ বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে চোৰাং কাঠ ব্যবসায়ৰ সৈতে জড়িত খোদ ৰুনিখাতা ৰেঞ্জাৰৰ ড্ৰাইভাৰগৰাকীকো গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাত জড়িত ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ ফৰেষ্ট গাৰ্ড জেদ মুচাহাৰী আৰু ফৰেষ্টাৰ দৈমালু গয়াৰী পলাতক বুলি জানিব পৰা গৈছে ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
আৰক্ষীৰ এই চোৰাং কাঠ বিৰোধী অভিযান সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক সদৰি কৰি কয় যে,এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱা নিশা চিৰাং জিলাৰ ৰুনিখাতা থানা তথা বেংতল আৰক্ষী চকীৰ অন্তৰ্গত ডোমগাঁৱত চলোৱা অভিযানত চোৰাং কাঠৰ কুণ্ডা কঢ়িয়াই অনা দুখন টাটা ডিআই গড়ী জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰে AS-19 C-4947 নম্বৰৰ টাটা ডিআই গাড়ীখনৰ পৰা মুঠ ৬২ টুকুৰা চোৰাং কাঠৰ কুণ্ডা জব্দ কৰাৰ বিপৰীতে নম্বৰ প্লেটবিহীন আনখন টাটা ডিআই গাড়ীৰ পৰা মুঠ ২৬ টুকুৰা চোৰাং কাঠৰ কুণ্ডা অভিযানকাৰী দলটোৱে জব্দ কৰিছে ।
চোৰাং কাঠ বিৰোধী অভিযান সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং

এই সন্দৰ্ভত আৰক্ষীয়ে ৰুনিখাতা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰা আৰু অসম বন আইনৰ ৪০ আৰু ৪১ ধাৰাৰ অধীনত ৫৬/২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । লগতে মঙলবাৰে দিনত জিলাখনৰ বেংতলত চলোৱা চোৰাং কাঠ বিৰোধী আন এক অভিযানত এখন ট্ৰেক্টৰসহ বৃহৎ পৰিমানৰ চোৰাং কাঠ জব্দ কৰাৰ লগতে চোৰাং কাঠ ব্যবসায়ত জড়িত ৰুনিখাতা ফৰেষ্ট ৰেঞ্জ অফিচাৰৰ চৰকাৰী গাড়ীখনৰ সৈতে গাড়ীৰ চালকজনকো গ্ৰেপ্তাৰ কৰা হৈছে ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বেংতলৰ পাৰ্শ্বৱৰ্তী অন্ঠাইবাৰীস্থিত চালকজনৰ নিজ বাসগৃহত চলোৱা উক্ত অভিযানকালত আৰক্ষীৰ দলটোৱে এখন নম্বৰ প্লেটবিহীন ট্ৰেক্টৰৰ লগতে ৭২ টুকুৰা ফলা কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । লগতে চলেমান মুছাহাৰীৰ পুত্ৰ মতিলাল মুছাহাৰী ( ৪৮ ) নামৰ ৰুনিখাতা ফৰেষ্ট ৰেঞ্জাৰৰ চালকজনকো গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই চোৰাং কাঠ ব্যৱসায় সন্দৰ্ভতো ৰুনিখাতা আৰক্ষীয়ে ৫৭ /২০২০ নম্বৰত আন এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে । ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ে জব্দ কৰা চোৰাং কাঠ অবৈধভাৱে তথা চুৰি কৰি ৰমৰমীয়া ব্যৱসায় চলাইছিল দীৰ্ঘদিনৰ পৰা ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

এই সন্দৰ্ভত ৰুনিখাতা বনাঞ্চলিক বিষয়াজনো সন্দেহৰ আৱৰ্তত । কাৰণ আজি গ্ৰেপ্তাৰ হোৱা তেওঁৰ চালকজনে বিষয়াজনৰ গাড়ী লৈ বনাঞ্চলিক বিষয়া জনৰ কাৰ্য্যালয়ৰ পৰা চুৰি কৰা বৃহৎ পৰিমানৰ চোৰাং কাঠ পাৰ কৰাই চোৰাং কাঠ বেপাৰীৰ ওচৰত বিক্ৰীৰ বাবে লৈ থকা অৱস্থাতেই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে । ডোমগাঁওত জনৈক জন বসুমতাৰী নামৰ লোকজনৰ ঘৰত চোৰাং কাঠ ফলা কল চলি আছে যদিও আজি আৰক্ষীয়ে অভিযান চলোৱাৰ তথা লাভ কৰি কলটো লুকুৱাই ৰখা বুলিও জানিব পৰা গৈছে । এই চোৰাং কাঠ ফলা কলটোৰ সৈতে বন বিভাগৰ অভিযুক্ত তিনিওজন লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । খোদ বন বিভাগৰ লোক চোৰাং কাঠ ব্যবসায়ৰ সৈতে জড়িত হোৱা বিষয়টোৱে জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছে ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

এই সন্দৰ্ভত চিৰাং সংমণ্ডল বন বিষয়া (ডিএফঅ') ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে, বন বিভাগ জড়িত নহয় কিন্ত বন বিভাগৰ লোক জড়িত থকাৰ কথা স্বীকাৰ কৰে। তেওঁ কয় যে ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ চৰকাৰী গাড়ী লৈ চালকজনে চোৰাং কাঠ সৰবৰাহ কৰোতে গ্ৰেপ্তাৰ হৈছে । বিষয়াটো তদন্ত মৰ্মে গ্ৰেপ্তাৰ চালকজনক তৎকালীনভাৱে নিলম্বন কৰাৰ কথা জনোৱাৰ লগতে কয় যে এই কাৰ্যৰ সৈতে জড়িত ৰুনিখাতা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ ফৰেষ্ট গাৰ্ড জেদ মুচাহাৰী আৰু ফৰেষ্টাৰ দৈমালু গয়াৰীৰ বিৰুদ্ধে তদন্তৰ দ্বায়িত্ব দিয়া হৈছে । তেওঁলোককো নিলম্বন কৰা হ'ব বুলিও জনায় বিষয়া জনে । ডিএফঅ' পাতিৰীয়ে এই সন্দৰ্ভত দুখ প্ৰকাশ কৰি কয় যে আমি দিনে নিশাই পৰিশ্ৰম কৰি চোৰাং কাঠৰ ব্যৱসায় ৰোধ কৰাৰ চেষ্টা কৰি থকা সময়তে এই দৰে বিভাগৰ লোক জড়িত থকাটো ভয়ংকৰ কথা হৈছে । সেয়ে ইতিমধ্যে বিষয়টো উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰি তৎকালীনভাৱে বিহিত ব্যৱস্থা লোৱা হৈছে ।

চোৰাং কাঠ বিৰোধী অভিযান সন্দৰ্ভত চিৰাং জিলা বনসংমণ্ডল বিষয়া (ডিএফঅ') ব্ৰহ্মানন্দ পাতিৰী

দীৰ্ঘদিনৰ পৰা বন বিভাগৰ লোক জড়িত থাকি চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল যদিও কথাষাৰ প্ৰমান হোৱা নাছিল । কিন্ত আজি আৰক্ষীৰ অভিযানে সমগ্ৰ ঘটনাটো পৰিষ্কাৰ কৰিলে । বন বিভাগৰ লোক জড়িত থাকিয়ে প্ৰতি নিশাই ট্ৰাকে ট্ৰাকে চোৰাং কাঠ বহি:ৰাজ্যৰ লগতে অসমৰ অইন ঠাইলৈ সৰবৰাহ কৰি আহিছে চোৰাং কাঠ বেপাৰীয়ে ।

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আজি সংবাদ মাধ‍্যমৰ লোকে বেংতল আৰক্ষী চকীত গৈ আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠৰ দৃশ‍্য সংগ্ৰহ কৰি থকা সময়ত একাংশ লোকে সংবাদ মাধ‍্যমৰ লোকক উদ্দেশ‍্য কৰি ফটো/ভিডিঅ' সংগ্ৰহ কৰে । সন্দেহ কৰা হৈছে চোৰাং কাঠৰ ব‍্যৱসায়ত এইসকল লোকো জড়িত । সেয়ে কোন কোন সাংবাদিকে দৃশ‍্য সংগ্ৰহ কৰিছে তেওঁলোকৰ ফটো সংগ্ৰহ কৰে । এই কাণ্ডক সংবাদ মাধ‍্যমে গৰিহণা জনাইছে ।

লগতে পঢ়কঃবৰঝাৰ বিমানবন্দৰত জব্দ লক্ষাধিক মূল্যৰ বিদেশী চিগাৰেট

ABOUT THE AUTHOR

...view details