অসম

assam

ETV Bharat / jagte-raho

ধনবাডত বিজেপি নেতাক গুলিয়াই হত্যা

মোবাইলত কথা পাতি থকাৰ সময়তে বাইকত অহা দুই অচিনাক্ত দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা মূৰত গুলিয়াই হত্যা কৰে বিজেপি দলৰ কেন্দুৱা এলেকাৰ উপ-সভাপতি সতীশ সিঙক ৷

By

Published : Aug 20, 2020, 9:59 AM IST

BJP leader shot dead in Dhanbad
ধনবাডত বিজেপি নেতাক গুলিয়াই হত্যা

নিউজ ডেস্ক,20আগষ্টঃ বুধবাৰে ধনবাডৰ বেংক মৌৰ অঞ্চলত এগৰাকী 40 বছৰীয়া বিজেপি কৰ্মী নিজ বাহনৰ পৰা নমাৰ সময়তে বাইকত অহা দুস্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰে বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷

ধনবাডত বিজেপি নেতাক গুলিয়াই হত্যা

উল্লেখযোগ্য যে, সতীশ সিং ধনবাড চহৰৰ বিজেপি দলৰ কেন্দুৱা এলেকাৰ উপ-সভাপতি আছিল ৷ মোবাইলত কথা পাতি থকাৰ সময়তে বাইকত মুখ ঢাকি অহা দুই অচিনাক্ত দুৰ্বৃত্তই নিচেই কাষৰ পৰা মূৰত গুলিওৱাৰ ফলত থিতাতে বাগৰি পৰে সতীশ সিং ৷ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ ইপিনে ঘটনা সংঘটিত হোৱা স্থানৰ কাষতে থকা এঘৰ লোকৰ ঘৰত থকা চিচিটিভি কেমেৰাত সমগ্ৰ দৃশ্য আৱদ্ধ হৈ ৰয় ৷ চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী অধীক্ষক আৰ ৰাজকুমাৰে উল্লেখ কৰে ৷

লগতে পঢ়কঃজম্মু-কাশ্মীৰ এনকাউন্টাৰ : নিহত লস্কৰৰ কমাণ্ডাৰসহ তিনি উগ্ৰপন্থী

ABOUT THE AUTHOR

...view details