ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুন: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰায় এবছৰ ধৰি যুদ্ধ অব্যাহত আছে ৷ এই যুদ্ধৰ সময়ত দুয়োখন দেশে অৰ্থনৈতিক আৰু প্ৰাণহানিৰ সন্মুখীন হৈছে ৷ একে সময়তে, এই দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ সময়ত, ৱাগনাৰ গোটৰ আলোচনাও পূৰ্ণ গতিত চলি আছে ৷
ইয়াৰ মাজতে ৱাগনাৰ গ্ৰুপে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে অভ্যুত্থানৰ ঘোষণা কৰিছে ৷ তথ্য অনুসৰি বহু সংখ্যক ৱাগনাৰ গোটৰ যুঁজাৰু মস্কো অভিমুখে আগবাঢ়িছে ৷ ৰাছিয়াৰ সেনাইও তেওঁলোকক বাধা দিয়াৰ বৃহৎ বেৰিকেড স্থাপন কৰিছে ৷ ৰাছিয়াৰ ৰোষ্টভ চহৰত ৰাছিয়াৰ সেনা আৰু ৱাগনাৰ গোটৰ মাজত ভয়ংকৰ যুদ্ধ হোৱাৰ খবৰো পোৱা গৈছে ৷
ৱাগনাৰ গ্ৰুপক এসময়ত পুটিনৰ ব্যক্তিগত সেনা বুলি কোৱা হৈছিল ৷ দলটোৰ যুঁজাৰুসকলে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক বাহিনীৰ সৈতেও যুদ্ধ কৰিছে ৷ কিন্তু এতিয়া ৱাগনাৰ গ্ৰুপৰ সৰ্বেসৰ্বা য়েভগেনি প্ৰিগোজিনে ভাবুকি প্ৰদান কৰিছে পুটিনক ৷ তেওঁৰ ভাবুকিত স্বাভাৱিকতেই শংকিত হৈ পৰিছে পুটিন আৰু এই ভাবুকিক গুৰুত্বপূৰ্ণ হিচাবে গ্ৰহণ কৰা হৈছে ৷
পুটিনক ভাবুকি দিয়া য়েভগেনি প্ৰিগোজিন কোন?
য়েভগেনি প্ৰিগোজিন পুটিনতকৈ কনিষ্ঠ ৷ প্ৰিগোজিনৰ জন্ম ১৯৬১ চনত লেনিনগ্ৰাডত হৈছিল ৷ সেই চহৰখন বৰ্তমান ছেইণ্ট পিটাৰ্ছবাৰ্গ নামেৰে জনাজাত ৷ প্ৰিগোজিন সৰু হৈ থকা অৱস্থাত তেওঁৰ পিতৃৰ মৃত্যু হয় ৷
প্ৰিগোজিনৰ মাতৃয়ে এখন চিকিৎসালয়ত কাম কৰিছিল ৷ প্ৰাথমিক শিক্ষাৰ পিচত প্ৰিগোজিনে ক্ৰীড়া একাডেমীত যোগদান কৰে ৷ কিন্তু তেওঁ এজন পেছাদাৰী খেলুৱৈ হিচাবে স্থান লাভ কৰিব নোৱাৰিলে৷ স্কুলীয়া জীৱন শেষ কৰি পৰৱৰ্তী পৰ্যায়ত য়েভগেনি প্ৰিগোজিনে এটা ক্ষুদ্ৰ অপৰাধীৰ দলত যোগদান কৰে ৷
১৩ বছৰ ধৰি কাৰাগাৰত আছিল প্ৰিগোজিন-
লাহে লাহে য়েভগেনি প্ৰিগোজিনে অপৰাধমূলক কাম কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰিগোজিনে কেইবাটাও ঘৰত ডকাইতি সংঘটিত কৰে ৷ ১৯৮১ চনত ৰাছিয়াৰ এখন আদালতে য়েভগেনি প্ৰিগোজিনক ডকাইতিৰ বাবে ১৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে ৷ ইয়াৰ পিচত, প্ৰিগোজিন প্ৰায় এক দশক কাৰাবন্দী হৈ থাকে ৷
ছোভিয়েত ইউনিয়ন ভংগ হোৱাৰ সময়ত ১৯৯০ চনত য়েভগেনি প্ৰিগোজিনক কাৰাগাৰৰ পৰা মুক্তি দিয়া হয় । প্ৰিগোজিন তেতিয়া ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ উভতি আহে ৷ সেই সময়ত ৰাছিয়াত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছিল ৷
চুপাৰমাৰ্কেটৰ অংশীদাৰী হিচাবে আত্মপ্ৰকাশ-
প্ৰিগোজিনে প্ৰথমে এখন চুপাৰমাৰ্কেটৰ কিছু শ্বেয়াৰ ক্ৰয় কৰে ৷ ১৯৯৫ চনত প্ৰিগোজিয়ে সিদ্ধান্ত লয় যে তেওঁ ৰেষ্টুৰেণ্টখন খুলিব ৷ ইয়াৰ বাবে, প্ৰিগোজিনে ব্ৰিটিছ হোটেল ‘চেইন’ৰ গৰাকী টনি গিয়াৰক সাক্ষাৎ কৰে ৷ ইয়াৰ পাচত তেওঁ এখন সুৰাৰ বিপণি আৰম্ভ কৰি ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ভাচিলিয়েভস্কি দ্বীপত তেওঁৰ নতুন ৰেষ্টুৰেণ্ট ‘অল্ড কাষ্টমছ হাউচ’ আৰম্ভ কৰে ৷ লাহে লাহে এই ৰেষ্টুৰেণ্টখন যথেষ্ট জনপ্ৰিয় হৈ পৰে ৷ তেওঁৰ ৰেষ্টুৰেণ্টত ৰাছিয়াৰ ডাঙৰ ব্যৱসায়ী, আমোলা, ছেইণ্ট পিটাৰ্ছবাৰ্গৰ মেয়ৰ আৰু সেই সময়ৰ ডেপুটি মেয়ৰ ভ্লাডিমিৰ পুটিনেও তেওঁৰ বন্ধুবৰ্গৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ অহা আৰম্ভ কৰে ৷