স্পৰ্টছ ডেস্ক, ২৫ নৱেম্বৰ : অঘটনেৰে আৰম্ভ হোৱা কাটাৰ বিশ্বকাপত বৃহস্পতিবাৰে ৰচিত হ'ল এক নতুন ইতিহাস । ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে (Cristiano Ronaldo) । বিশ্ব ফুটবলৰ নয়নৰ মণি । দচকু মুদি, দীঘল উশাহ লৈ ৰোণাল্ডোৱে অনুভৱ কৰে এক নতুন ইতিহাসৰ । হয়, পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৱে বিশ্বকাপত এক নতুন ইতিহাস সৃষ্টি কৰে । পৰ্তুগাল ষ্ট্ৰাইকাৰজনে বৃহস্পতিবাৰে ঘানাৰ বিৰুদ্ধে ৩-২ গ'লৰ বিজয়ত ৬৫ মিনিটৰ পেনাল্টিৰে গ'ল কৰে (Portugal beat Ghana) । লগে লগে তেওঁ ক্ৰমাগত পাঁচখন বিশ্বকাপত গ'ল কৰা প্ৰথমগৰাকী পুৰুষ ফুটবলাৰ হিচাপে পৰিগণিত হয় (Ronaldo set record in world cup football) ।
মেচখনত ১-০ গ'লত অগ্ৰগতি লাভ কৰি থকাৰ পিছত আন্দ্ৰে আয়েৱে আঠ মিনিট পিছত ঘানাৰ হৈ সমতা অৰ্জন কৰে । কিন্তু জোয়াও ফেলিক্সে ৭৮ মিনিটত পৰ্তুগালক পুনৰ অগ্ৰগতি প্ৰদান কৰে আৰু ৰাফেল লিয়াওৱে তৃতীয়টো গ'ল যোগ কৰে । ওচমান বুকাৰীয়ে ৮৯ মিনিটত ঘানাৰ ব্যৱধান হ্ৰাস কৰে (FIFA world cup 2022) ।
উল্লেখ্য, ৩৭ বছৰীয়া ৰোণাল্ডোৱে চলিত সপ্তাহত মানচেষ্টাৰ ইউনাইটেডৰ সৈতে তেওঁৰ চুক্তি বাতিল কৰে । ইয়াৰ পিছত সম্ভাৱ্য নতুন ক্লাবসমূহক তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিব বিচাৰিছিল । প্ৰথমাৰ্ধত দুটা ভাল সুযোগ নষ্ট কৰাৰ পিছত তেওঁ ঘানাৰ ডিফেণ্ডাৰ মহম্মদ ছালিচুৰ নীতি বিৰুদ্ধ প্ৰত্যাহ্বানৰ ফলত পেনাল্টি অৰ্জন কৰে (Qatar world cup football) ।
তেওঁৰ পেনাল্টি শ্বটটোৱে নেটৰ পিছফালে আঘাত কৰাৰ পিছতে ৰোণাল্ডোৱে তেওঁৰ চিৰাচৰিত ভংগীমাৰে উল্লাস প্ৰকাশ কৰে । আনহাতে, সতীৰ্থসকলে আৱৰি ধৰাৰ পূৰ্বে উপস্থিত দৰ্শকে তেওঁৰ ট্ৰেডমাৰ্ক "ছি-ইউ" বুলি গৰ্জন দিয়ে । বৰ্তমান তেওঁ ২০০৬ চনত প্ৰথমবাৰ বিশ্বকাপত অংশগ্ৰহণ কৰাৰ পিছৰ পৰা প্ৰতিখন বিশ্বকাপতে গ'ল কৰাৰ অভিলেখ ৰচে । তেওঁৰ নামত আছে ১১৮ টা আন্তঃৰাষ্ট্ৰীয় গ'ল (Ronaldo first footballer to score 5 world cup) ।