নিউজ ডেস্ক, ১১ জুলাই :সঘনাই বিমান তথা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ থকা নেপালত এইবাৰ আন এখন হেলিকপ্টাৰ সন্ধানহীন হৈছে । মঙলবাৰে পুৱা ৯.৪৫ বজাত নেপালত মানাং এয়াৰৰ এখন হেলিকপ্টাৰ সন্ধানহীন হয় । জানিব পৰা মতে, সন্ধানহীন হোৱা হেলিকপ্টাৰখনত ছয়জন লোক আছিল । উৰণৰ ১৫ মিনিট পিছতে হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় ।
মঙলবাৰে পুৱা মানাং এয়াৰ হেলিকপ্টাৰখন নেপালৰ মাউণ্ট এভাৰেষ্টৰ পাদদেশত সন্ধানহীন হোৱা বুলি জনোৱা হৈছে । ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জেনেৰেল মেনেজাৰ প্ৰতাপ বাবু তিৱাৰীয়ে জনোৱা মতে, হেলিকপ্টাৰখনৰ কল ছাইন হৈছে 9এন-এএমভি। তেওঁ কয় যে উৰণৰ ঠিক ১৫ মিনিট পিছতে হেলিকপ্টাৰখনৰ সৈতে সম্পৰ্ক হেৰাই যায় ।
আনহাতে, নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ তথ্য বিষয়া জ্ঞানেন্দ্ৰ ভুলে কাঠমাণ্ডু পোষ্ট বাতৰিকাকতৰ উদ্ধৃতি দি কয় যে হেলিকপ্টাৰখনে লুখুম্বুৰ চুৰ্কিৰ পৰা ৰাজধানী কাঠমাণ্ডুলৈ পুৱা ৯.৪৫ বজাত উৰা মাৰিছিল । প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, হেলিকপ্টাৰখনত মুঠ ছয়জন লোক আছিল । ইফালে হিমালয়ান টাইমছ বাতৰিকাকতখনে এটা সূত্ৰৰ উদ্ধৃতি দি কয় যে হেলিকপ্টাৰখন জ্যেষ্ঠ কেপ্টেইন চেট গুৰুঙে চলাই আছিল ।