ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : ইৰাণৰ প্ৰক্সিৰ বাবে ইজৰাইল আৰু হামাছৰ যুদ্ধ বৃদ্ধি হোৱাৰ আশংকা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কোৱা মতে যদি আমেৰিকান কৰ্মচাৰী বা সশস্ত্ৰ বাহিনী এনে ধৰণৰ যিকোনো আক্ৰমণৰ লক্ষ্য হৈ পৰে তেন্তে বিডেন প্ৰশাসন সঁহাৰি দিবলৈ প্ৰস্তুত । আমেৰিকাই এনে হোৱাটো নিবিচাৰে । যুদ্ধ বৃদ্ধি হোৱাটোও আমেৰিকাই নিবিচাৰে ।
দুয়োগৰাকী বিষয়াৰ মতে আমেৰিকাৰ বাহিনী বা কৰ্মচাৰীসকল গুলীবৰ্ষণৰ সন্মুখীন হোৱাটো তেওঁলোকে চাব নিবিচাৰে । যদি এনে হয় তেনেহ'লে ইয়াৰ বাবে আমেৰিকা সাজু বুলিও সকীয়াই দিয়ে আমেৰিকাই । অষ্টিনে সন্দেহ কৰা মতে সমগ্ৰ অঞ্চলটোত আমেৰিকাৰ সেনা আৰু নাগৰিকৰ ওপৰত আক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।
অষ্টিনে কোৱা মতে আমেৰিকাৰ আত্মৰক্ষাৰ অধিকাৰ আছে আৰু উপযুক্ত পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰে । তেওঁ উল্লেখ কৰা মতে আমেৰিকাৰ উচ্চ পদস্থ বিষয়াসকলে এই সতৰ্কবাণী দিছে । ইফালে ইজৰাইলী যুদ্ধ বিমানে ইতিমধ্যে গাজাৰ বিভিন্ন স্থান আৰু ছিৰিয়াত আক্ৰমণ অব্যাহত ৰাখিছে ।