অসম

assam

ETV Bharat / international

ভুৱা বাতৰি, অপমান সুচক মন্তব্যৰ বিৰুদ্ধে বিল - VLADIMIR PUTIN

এই আইন অনুসৰি কোনো লোক যিয়ে ভুৱা বাতৰি, বা দেশৰ অপমান সুচক মন্তব্য কৰিব তেওঁক আইন মতে দণ্ড বিহা হ’ব

ভুৱা বাতৰি, অপমান সুচক মন্তব্যৰ বিৰুদ্ধে বিল

By

Published : Mar 19, 2019, 6:53 PM IST

নিউজ ডেস্ক, 19 মাৰ্চ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লেডিমিৰ পুটিনে সোমবাৰে এলানি বিল আইন ৰূপত প্ৰণয়ন কৰে ৷ এই আইন অনুসৰি কোনো লোক যিয়ে ভুৱা বাতৰি, বা দেশৰ অপমান সুচক মন্তব্য কৰিব তেওঁক আইন মতে দণ্ড বিহা হ’ব ৷ আইনখনে দেশখনৰ ৰাইজৰ চৰকাৰখনক সমালোচনা কৰা বাক স্বাধীনতা কৰ্তন কৰিব ৷

এই আইনখনে ৰাছিয়ান কৰ্তিপক্ষক যিকোনো ইণ্টাৰনেট একাওণ্ট বা ৱেবচাইট ব্লক কৰিবলৈ অনুমতি প্ৰদান কৰিব ৷ আইনখনে কোনো লোক যিয়ে ভুৱা বাতৰি প্ৰকাশ কৰে তেওঁলোকে 100,000 ৰুবেল, চৰকাৰী কৰ্মচাৰীয়ে এনে মন্তব্য প্ৰকাশ কৰিলে 200,000 ৰুবেল আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে এই ধন ৰাশি 500,000 ৰুবেল ধাৰ্য্য কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details