অসম

assam

By

Published : May 7, 2019, 2:31 PM IST

ETV Bharat / international

শ্ৰীলংকাত আত্মঘাতী বোমাৰুৰ প্ৰশিক্ষণ শিবিৰৰ সন্ধান লাভ

সন্ত্ৰাসবাদী সংগঠন নেশ্বনেল থ'হিদ জম্মাথৰ লগত জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ কৰা কেইটামান সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ পৰা লাভ কৰা তথ্য ভিত্তিত নোৱাৰ এলিয়া অঞ্চলত থকা দুমহলীয়া অট্টালিকাটোৰ সম্ভেদ পায় নিৰাপত্তাবাহিনীয়ে ৷ শ্ৰীলংকাৰ সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি শ্ৰীলংকাৰ বিস্ফোৰণৰ লগত জড়িত থকা আত্মঘাটী বোমাৰু জাহৰাণকে ধৰি 38 জন সন্ত্ৰাসবাদীয়ে এই প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ লাভ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল ৷ প্ৰাৰম্ভিক অনুসন্ধানত 17 এপ্ৰিলত অন্তিমটো প্ৰশিক্ষণ হৈছিল বুলি প্ৰকাশ পাইছে ৷

suspects busted

কলম্বো , 7 মে' : শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ বাবে ব্যৱহৃত আত্মঘাতী বোমাৰুৰ প্ৰশিক্ষণ শিবিৰৰ সম্ভেদ উলিয়াইছে শ্ৰীলংকাৰ নিৰাপত্তাবাহিনীয়ে ৷ আটকহোৱা সন্দেহযুক্ত লোকৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নোৱাৰ এলিয়া অঞ্চলত দুমহলীয়া অট্টালিকাটোৰ সম্ভেদ উলিয়াই নিৰাপত্তাবাহিনীয়ে ৷

সন্ত্ৰাসবাদী সংগঠন নেশ্বনেল থ'হিদ জম্মাথৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল কেইবাজনো লোকক ৷ আটকাধীন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ পৰা লাভ কৰা তথ্য ভিত্তিত নোৱাৰ এলিয়া অঞ্চলত থকা দুমহলীয়া অট্টালিকাটোৰ সম্ভেদ লাভ কৰে নিৰাপত্তাবাহিনীয়ে ৷ শ্ৰীলংকাৰ সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি শ্ৰীলংকাৰ বিস্ফোৰণৰ লগত জড়িত থকা আত্মঘাতী বোমাৰু জাহৰাণকে ধৰি 38 জন সন্ত্ৰাসবাদীয়ে এই প্ৰশিক্ষণ শিৱিৰটোত প্ৰশিক্ষণ লাভ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল ৷ প্ৰাৰম্ভিক অনুসন্ধানত 17 এপ্ৰিলত অন্তিমটো প্ৰশিক্ষণ হৈছিল বুলি প্ৰকাশ পাইছে ৷ শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত জাহৰাণে সহযোগী ইলহাম আহমেদ ইব্ৰাহিমৰ সৈতে সাংগ্ৰী লা হোটেলত বিস্ফোৰণ ঘটাইছিল ৷

শ্ৰীলংকাত আত্মঘাতী বোমাৰুৰ প্ৰশিক্ষণ শিবিৰৰ সন্ধান লাভ

এটা ভাৰতীয়া ঘৰত চলোৱা হৈছিল এই প্ৰশিক্ষণ শিবিৰটো ৷ ইতিমধ্যে আৰক্ষীয়ে ঘৰটোৰ স্বত্বাধিকাৰীকে ধৰি অন্য দুজনলোকক আটক কৰিছে ৷ ইয়াৰ পূৰ্বে বিগত বৰ্ষত শ্ৰীলংকাত বুদ্ধৰ মূৰ্তি ধ্বংস কৰাৰ বাহিৰে কোনো ধৰণৰ বৃহৎ বিস্ফোৰণত জড়িত নাছিল সন্ত্ৰাসবাদী সংগঠন নেশ্বনেল থ'হিদ জম্মাথ ৷ শ্ৰীলংকাৰ বিস্ফোৰণৰ লগত জড়িত আটাইকেইজন আত্মঘাতী বোমাৰু শ্ৰীলংকাৰ নাগৰিক আছিল বুলি প্ৰকাশ পাইছে ৷

লগতে পঢ়ক: তিনিচুকীয়াত কে এল অ' সদস্য আটক সেনাৰ


বিস্ফোৰণৰ দুটা দিনৰ পাচতে আমাক' নিউজ এজেন্সীৰ জৰিয়তে বিস্ফোৰণৰ দুটা দিনৰ পাচতে আই এচ আই এচে আত্মঘাতী বোমাৰু কেইটাৰ নাম আবু উবায়ডা, আবু অল মুখটাৰ , আবু খালিল , আবু হামজা , আবু অল বাৰা , আবু মহম্মদ আৰু আবু আব্দুল্লাহ বুলি প্ৰকাশ কৰিছিল ৷ বিগত সপ্তাহত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মইথ্ৰিপালা শিৰিসেনাই নেশ্বনেল থ'হিদ জম্মাথ আৰু জামাথেই মিল্লাথু ইব্ৰাহিম গোটক নিষিদ্ধ ঘোষণা কৰিছিল ৷

উল্লেখযোগ্য যে , উল্লেখ্য যে 21 এপ্ৰিলত ইষ্টাৰৰ প্ৰাৰ্থনাৰ সময়তে আঠটাকৈ ধাৰাবাহিক বোমা বিস্ফোৰণত কঁপি উঠিছিল চুবুৰীয়া দেশখন ৷ দুটা দিনত নটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল শ্ৰীলংকাত ৷ ধাৰাবাহিক বিস্ফোৰণত 300ৰো অধিক লোক নিহত হোৱাৰ উপৰিও আহত হৈছিল পাঁচশৰো অধিক লোক ৷ বিস্ফোৰণত নিহত হৈছিল 10 জনকৈ ভাৰতীয় ৷

ABOUT THE AUTHOR

...view details