অসম

assam

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

By

Published : Oct 21, 2020, 3:47 PM IST

বিশ্বজুৰি 4,10,50,368 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ ৷ কৰ'ণা মহামাৰীৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্য়া আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আনহাতে এই মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 21 অক্টোবৰ:কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ বিশ্বজুৰি 4,10,50,368 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে ৷ আনহাতে সমগ্ৰ বিশ্বতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে 11,29,741 গৰাকীতকৈয়ো অধিক লোকে ৷ অৱশ্যে এই পৰ্যন্ত 3,06,32,287 গৰাকীতকৈয়ো অধিক লোকে কৰ'ণা মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷

কৰ'ণা মহামাৰীৰ সংক্ৰমণে আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত কৰিছে আমেৰিকাক ৷ দেশখনত বৰ্তমানলৈ 85,20,307 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে আক্ৰান্তৰ সংখ্যা ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 2,26,149 গৰাকীলৈ ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

উল্লেখ্য যে, আক্ৰান্তৰ ক্ষেত্ৰত বৰ্তমান দ্বিতীয় স্থানত আছে ভাৰত ৷ ভাৰতত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 76,51,107 গৰাকীতকৈয়ো অধিক লোকলৈ ৷ ইতিমধ্যে ভাৰতৰ স্বাস্থ্য বিভাগৰ লোকে এনে উৎসৱৰ সময়ত লোক সমাগম হ'ব পৰা স্থান সমূহৰ পৰা সাধাৰণ ৰাইজক আঁতৰি থাকিবলৈ সকীয়নি প্ৰদান কৰিছে ৷

বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জ'নছনে ইংলেণ্ডৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ এলেকাত কৰ'ণা ভাইৰাছ সম্বন্ধীয় নীতি-নিয়মসমূহ অধিক কঠোৰ কৰি তুলিছে ৷

লগতে পঢ়ক:বিপথগামী চীনা সৈন্যক শীঘ্ৰেই ভাৰতক ঘূৰাই দিয়াৰ আহ্বান চীনা কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details