অসম

assam

COVID-19: ভিন্ন দেশৰ শেহতীয়া তথ্য

By

Published : Aug 24, 2020, 12:39 PM IST

বিশ্বজুৰি 2,35,86,023তকৈয়ে গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্য়া ৷ ইয়াৰ লগে লগে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বিশ্বজুৰি বৃদ্ধি পালে 8,12,527 গৰাকীতকৈয়ো অধিক লোকলৈ ৷

শেহতীয়া তথ্য
শেহতীয়া তথ্য

নিউজ ডেস্ক, 24 আগষ্ট: কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে অতিক্ৰম কৰিলে মুঠ 2,35,86,023 গৰাকী লোকলৈ ৷ লগতে এই মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও বিশ্বজুৰি 8,12,527 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পায় ৷ অৱশ্যে বিশ্বজুৰি 16,084,558 গৰাকীতকৈয়ো অধিক লোক আৰোগ্য হৈ উঠিছে এই মহামাৰীৰ কবলৰ পৰা ৷

COVID-19: ভিন্ন দেশৰ শেহতীয়া তথ্য

সোমবাৰে দক্ষিণ কোৰিয়াৰ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰই জাৰি কৰা প্ৰতিবেদন অনুসৰি দেশখনত 266 গৰাকী নতুনকৈ আক্ৰান্ত হোৱাৰ লোকৰ ভিতৰত অধিকাংশই চেউল মহানগৰ এলেকাৰ লোক ৷ য'ত দেশখনৰ 51 মিলিয়ন নাগৰিকৰ আধা লোকেই বসবাস কৰি আছে ৷ ইয়ৰোপৰি বুছান, ডায়জেয়ং আৰু চেজং চহৰতো এই মহামাৰীৰ সংক্ৰমণৰ খবৰ পোৱা গৈছে ৷

নিউজিলেণ্ডৰ আটাইতকৈ বৃহৎ চহৰখনত লক ডাউনৰ সময়সীমা 4 দিনলৈ বৃদ্ধি কৰা হৈছে কৰ'ণা মহামাৰীৰ সংক্ৰমণত প্ৰতিবন্ধকতা লগাবলৈ ৷

অষ্ট্ৰেলিয়াৰ হাৰ্ড-হিট ভিক্টোৰিয়া ৰাজ্যত সোমবাৰে ৰাজ্যখনৰ ৰাজধানী চহৰ মেলবৰ্ণত 8 সপ্তাহৰ ভিতৰত এই মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস হোৱা বুলি জানিব পৰা গৈছে 6 সপ্তাহৰ লক ডাউনৰ পাচত ৷

লগতে পঢ়ক:দিনটোৰ শীৰ্ষ বাতৰি

ABOUT THE AUTHOR

...view details