ইন্টাৰনেশ্বনেল ডেক্স,1 ফেব্ৰুৱাৰীঃ চীনত কৰোণা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 259লৈ বৃদ্ধি হোৱাৰ লগতে ভাইৰাচত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 12,000 লৈ বৃদ্ধি ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিচনে তেঁওলোকৰ প্ৰতিদিনৰ আপডেটত কয় যে, পুনৰ 46 জনকৈ লোক শ্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত হৈছে ৷ লগতে হুবেই প্ৰদেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ৷
চীনত কৰোণা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 259 লৈ বৃদ্ধি
হুবেইৰ কেইবা মিলিয়ন লোকৰ ওপৰত বিগত সপ্তাহত গ্ৰহণ কৰা পৃথকীকৰণ ব্যৱস্থাৰ লগতে অন্যান্য প্ৰতিৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰা পাছতো সংক্ৰমিত লোকৰ সংখ্যা 2,102 লৈ বৃদ্ধি, যি সমগ্ৰ দেশব্যাপী বৃদ্ধি হৈ 11,791 হৈছে ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এই ভাইৰাচটো হুবেই প্ৰদেশৰ ৰাজধানী উহানত বনৰীয়া মাংস বিক্ৰী কৰা এখন মাংস বজাৰত চিনাক্ত কৰা হৈছিল ৷ হুবেইৰ কেইবা মিলিয়ন লোকৰ ওপৰত বিগত সপ্তাহত গ্ৰহণ কৰা পৃথকীকৰণ ব্যৱস্থাৰ লগতে অন্যান্য প্ৰতিৰক্ষামূলক পদক্ষেপৰ পাছতো সংক্ৰমিত লোকৰ সংখ্যা 2,102 লৈ বৃদ্ধি হৈ, বৰ্তমান সমগ্ৰ দেশব্যাপী 11,791হৈছে ৷ এসপ্তাহ পূৰ্বে চীনত ৰাষ্ট্ৰব্যাপী সুৰক্ষা ঘন্টা বজোৱাৰ পাছত নতুনকৈ মৃতকৰ সংখ্যা আৰু আক্ৰান্ত লোকৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হৈছে ৷ সম্প্ৰতি 12 খনতকৈও অধিক দেশৰ ঘটনাসমূহক সামৰি সমগ্ৰ বিশ্বতে স্বাস্থ্যৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ৷