অসম

assam

By

Published : Jul 14, 2020, 8:05 PM IST

ETV Bharat / international

বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহে জৈৱ বৈচিত্ৰলৈ ভাবুকি আনিবঃ UNODC

জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ৰোগসমূহ "Zoonotic"ৰোগ বুলি কোৱা হয় ৷ সংক্ৰামক ৰোগসমূহৰ ভিতৰত 75 শতাংশ ৰোগ Zoonotic বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত SARS-CoV-2 অন্তৰ্ভুক্ত,যিয়ে ক'ভিড 19 মহামাৰীৰ ৰূপ লৈছে

UNODC
UNODC

নিউজ ডেস্ক, 14 জুলাইঃ সংযুক্ত ৰাষ্ট্ৰৰ কাৰ্যালয়ে (UNODC) ডাগ্ৰছ আৰু অপৰাধৰ ওপৰত জাৰি কৰা The World Wildlife Crime Report 2020 ত উল্লেখ কৰা অনুসৰি, বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহে প্ৰকৃতি আৰু জৈৱবৈচিত্ৰলৈ ভাবুকি আনিব পাৰে ৷ প্ৰতিবেদনখনত কিছু বন্য প্ৰজাতিৰ জীৱ-জন্তু, পেংগুলিন,পক্ষী,কাছ,বাঘ,ভালুকৰ চোৰাং সৰবৰাহৰ বিষয়ে প্ৰকাশ কৰিছে ৷ এই প্ৰতিবেদনখনত উল্লেখ কৰিছে যে,জীৱ-জন্তুৰ ৰোগসমূহ সংক্ৰমণ হোৱাৰ প্ৰৱণতা তেতিয়া বৃদ্ধি পায় যেতিয়া বন্য জীৱ-জন্তুসমূহক সিহতৰ প্ৰাকৃতিক আৱাসৰ পৰা উলিয়াই মাৰি পেলোৱা হয় ৷

জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ হোৱা ৰোগসমূহ "Zoonotic"ৰোগ বুলি কোৱা হয় ৷ সংক্ৰামক ৰোগসমূহৰ ভিতৰত 75 শতাংশ ৰোগ Zoonotic বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত SARS-CoV-2 অন্তৰ্ভুক্ত,যিয়ে ক'ভিড 19 মহামাৰীৰ ৰূপ লৈছে ৷

যিসমূহ বন্য জীৱ-জন্তুৰ চোৰাং সৰবৰাহ কৰা হয় সেইসমূহক স্থানান্তৰ কৰা সময়ত কোনো ধৰণৰ সাৱধনতা অৱলম্বন কৰা নহয় ৷ মানুহে এনে ধৰণৰ জীৱ-জন্তুৰ মঙহ সেৱন কৰিলে ভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে,পেংগুলিনক কৰ'ণা ভাইৰাছৰ উৎস হিচাপে চিনাক্ত কৰা হৈছে ৷ বিশ্বত সবাতোতকৈ বেছি পেংগুলিনৰ চোৰাং সৰবৰাহ কৰা হয় ৷ 2014ৰ পৰা 2018 ৰ ভিতৰত পেংগুলিনৰ চোৰাং সৰবৰাহ 10 গুণ অদিক বৃদ্ধি পাইছিল ৷

লগতে পঢ়কঃপবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে সংৰক্ষণ কৰা হ'বঃ মুখ্যমন্ত্ৰী

UNODCৰ প্ৰতিবেদনখনত সমগ্ৰ বিশ্বজুৰি তথ্য প্ৰকাশ কৰা হৈছে,য'ত 149 খন দেশৰ আৰু সমষ্টিৰ পৰা প্ৰায় 180,000 বন্যপ্ৰাণী উদ্ধাৰ কৰা হৈছে ৷ তথ্য অনুসৰি, 1999-2019ৰ ভিতৰত প্ৰায় 6000 প্ৰজাতিৰ স্তন্যপায়ী,সৰীসৃপ,পক্ষী আৰু মাছ অন্তৰ্ভুক্ত হৈ আছে ৷

UNODCৰ কাৰ্যকাৰী নিৰ্দেশক Ghada Waly য়ে কয় যে, ট্ৰান্সনেশনেল সংগঠন অপৰাধ নেটৱৰ্কে বন্যপ্ৰাণী অপৰাধৰ জৰিয়তে বহু টকা উপাৰ্জন কৰিছে ৷ কৰ'ণাৰ পাছত বিশ্বখনক অধিক উন্নত কৰিবলৈ আমি বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহৰ বিষয়টো উপেক্ষা কৰিলে নহ'ব ৷ বন্যপ্ৰাণী অপৰাধক বন্ধ কৰাৰ ক্ষেত্ৰত 2020ৰ এই World Wildlife Crime Reportয়ে বহুখিনি সহায় কৰিব ৷ এই প্ৰতিবেদনখনৰ জৰিয়তে এই সমস্যাটোক আমি আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ বিষয় বনাব লাগিব ৷ চৰকাৰে আৱশ্যকীয় আইন গ্ৰহণৰ ক্ষেত্ৰত সমৰ্থন কৰিব লাগিব ৷ মুঠতে এই বন্যপ্ৰাণী অপৰাধক শেষ কৰিবলৈ আন্ত সংস্থা গঠন কৰিব লাগিব ৷

বন্যপ্ৰাণী আৰু উদ্ভিদৰ লুপ্তপ্ৰায়ী প্ৰজাতিসমূহৰ আন্তৰাষ্ট্ৰীয় বাণিজ্য সন্মীলনৰ মহাসচিব Ivonne Higuero য়ে কয় যে, সঠিক তথ্য আৰু নীতি নিৰ্ধাৰণৰ ওপৰত ভিত্তি কৰে ৷ World Wildlife Crime Report 2020 ও ইয়াত অন্তৰ্ভুক্ত ৷ এই প্ৰতিবেদনখনে চৰকাৰক এই চোৰাং সৰবৰাহৰ স্পষ্ট আভাষ দিব ৷

লগতে পঢ়কঃনাগালেণ্ড আৰক্ষী আৰু আসম ৰাইফলছৰ যৌথ অভিযানত 3 গৰাকী লোকক গ্ৰেপ্তাৰ

ইয়াৰোপৰি, প্ৰতিবেদনখনে বিশ্বব্যাপী চলি থকা বন্যপ্ৰাণী অপৰাধৰ বিষয়টো হাইলাইট কৰিব লগতে অবৈধ কাঠ,হাতীৰ দাঁত,গড়ঁৰ খৰ্গ,পেংগুলিনৰ চামৰা, জীৱিত সৰীসৃপ,ডাঙৰ মেকুৰি,ইউৰোপিয়ান ইৰ্লৰ চোৰাং ব্যৱসায়ৰ ওপৰত বিশ্লেষণ কৰিব ৷ আফ্ৰিকাৰ হাতীৰ দাঁত আৰু গড়ঁৰ খৰ্গৰ চাহিদা কমাৰ লগতে অবৈধ বজাৰ আগৰ তুলনাত ক্ষুদ্ৰ হৈ গৈছে ৷

প্ৰতিবেদন অনুসৰি, অবৈধ বন্যপ্ৰাণীৰ বেহা ডিজিটেল মিডিয়াত বৃদ্ধি পাইছে ৷ বন্যপ্ৰাণীৰ মঙহৰ বিক্ৰী অনলাইন প্লেটফৰ্ম আৰু encrypted messaging এপত ৰমৰমীয়া হৈ পৰিছে ৷ কাৰণ চোৰাং সৰবৰাহৰ সম্ভাব্য বিক্ৰেতাৰ সৈতে সংযোগ স্থাপনৰ নতুন উপায় হৈছে অনলাইন এপ ৷ যি নহওঁক এটি শক্তিশালী ন্যায় প্ৰণালীয়ে আইনী-মেৰপাচৰ সংস্কৰণ কৰি এই অবৈধ বেহা ৰোধ কৰিব পাৰে ৷

ABOUT THE AUTHOR

...view details