জেনেভা, 11 নৱেম্বৰ:সংযুক্ত ৰাষ্ট্ৰৰ এগৰাকী চৰকাৰী বিযয়াই মঙলবাৰে এক অভিযোগ উত্থাপন কৰি কয় যে বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে চীনলৈ ক'ৰণা ভাইৰাছ উৎপত্তিৰ সৈতে জন্তুৰ যোগসূত্ৰ থকাৰ সন্দৰ্ভত পৰিকল্পিতভাৱে পঠোৱা অভিযানৰ চৰ্তসমূহৰ তথ্য প্ৰকাশ কৰা নাই ৷ সংযুক্ত ৰাষ্ট্ৰৰ স্বাস্থ্য আৰু মানৱসেৱা বিভাগৰ এগৰাকী বিষয়া গেৰেট গ্ৰিছবিয়ে এই অভিযোগ উত্থাপন কৰে ৷
এক ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গ্ৰিছবিয়ে অভিযোগ কৰে যে বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ সৈতে কোনো ধৰণৰ চৰ্তাৱলীৰ বিষয়ে WHO য়ে স্বচ্ছভাৱে আলোচনা কৰা নাছিল ৷ এক স্বচ্ছ আৰু গভীৰ অনুসন্ধানৰ জৰিয়তে ক'ভিড-19 ৰ উৎস বুজাটোহে প্ৰকৃততে কৰা উচিত ৷ শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত এটা দলে দীৰ্ঘদিনীয়া পৰিকল্পনাৰে ক'ৰণা ভাইৰাছৰ উৎপত্তি সন্দৰ্ভত জন্তুৰ উৎসক লৈ তদন্ত কৰাৰ উদ্দেশ্যে নামি পৰিছে ৷