অসম

assam

ETV Bharat / international

70% যুৱ প্ৰজন্মৰ শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসমূহত প্ৰভাৱ পেলাইছে ক'ৰণা মহামাৰীয়ে

নিম্ন আয় সম্পন্ন দেশৰ যুৱ প্ৰজন্মৰ অৱস্থা আৰু অধিক বেয়াৰ ফালে গতি কৰা পৰিলক্ষিত হৈছে ৷ বহুতৰ ওচৰত ইন্টাৰনেট সেৱাৰ সু-সুবিধা নাই, সামগ্ৰীৰ অভাৱ আৰু কেতিয়াবা কেতিয়াবা ঘৰত ঠাইৰ অভাৱ ৷

COVID-19 disrupts education of more than 70 per cent of youth: ILO
70% যুৱ প্ৰজন্মৰ শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসমূহত প্ৰভাৱ পেলাইছে ক'ৰণা মহামাৰীয়ে : ILO

By

Published : Aug 13, 2020, 8:42 PM IST

নিউজ ডেস্ক, 13 আগষ্ট : ক'ভিড-19 মহামাৰীয়ে যুৱচামৰ শিক্ষা আৰু প্ৰশিক্ষণ কাৰ্যসমূহত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত কৰিছে ৷ এই মহামাৰী আৰম্ভ হোৱাৰে পৰা 70 শতাংশ যুৱ প্ৰজন্ম বিদ্যালয়-কলেজ, উদ্যোগ প্ৰতিষ্ঠান আদি বন্ধ হোৱাৰ ফলত যুৱপ্ৰজন্ম ব্যাপক ভাৱে প্ৰভাৱিত হোৱাৰ কথা প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠন (ILO) এ ৷

আই এল অ'ৰ মতে কভিড-19 য়ে যুৱচামৰ কৰ্মসংস্থাপন, শিক্ষা, অধিকাৰ আৰু মানসিক সমৃদ্ধিৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব ৷ 65 শতাংশ যুৱপ্ৰজন্মই এই মহামাৰীৰ আৰম্ভনিৰ পৰা হোমৰুমৰ পৰিৱৰ্তনৰ প্ৰকাশৰ দিশত কম জ্ঞান আয়ত্ত কৰিছে ৷

নিম্ন আয় সম্পন্ন দেশৰ যুৱ প্ৰজন্মৰ অৱস্থা আৰু অধিক বেয়াৰ ফালে গতি কৰা পৰিলক্ষিত হৈছে ৷ বহুতৰ ওচৰত ইন্টাৰনেট সেৱাৰ সু-সুবিধা নাই, সামগ্ৰীৰ অভাৱ আৰু কেতিয়াবা কেতিয়াবা ঘৰত ঠাইৰ অভাৱ ৷

আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনৰ সঞ্চালক প্ৰধান গায় ৰাইডাৰে এইদৰে কয়, "মহামাৰীয়ে যুৱ প্ৰজন্মক বহুত প্ৰভাৱ পেলাইছে ৷ এয়া কেৱল তেওঁলোকৰ চাকৰি আৰু সংস্থাপনৰ সম্ভাৱনা সমূহক বিনষ্ট কৰি থকাই নহয়, তেওলোকৰ শিক্ষা আৰু প্ৰশিক্ষণকো বাধা প্ৰধান কৰিছে আৰু তেওলোকৰ সুস্থ মানসিক স্থিতিৰ ওপৰতো প্ৰভাৱ পেলাইছে ৷"

লগতে পঢ়ক : উড়িশাঃ এম্বুলেঞ্চ চালকৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এটি শিশুৰ

ABOUT THE AUTHOR

...view details