অসম

assam

ETV Bharat / international

ট্ৰাম্প,বিডেনৰ নিৰ্বাচনী প্ৰচাৰক লক্ষ্য চীনা-ইৰানিয়ান হেকাৰ্ছৰ : গুগল - ট্ৰাম্প,বিডেনৰ নিৰ্বাচনী প্ৰচাৰক লক্ষ্য চীনা-ইৰানিয়ান হেকাৰ্ছৰ : গুগল

আমেৰিকাৰ নিৰ্বাচনক লৈ গোপন তথ্য় চুৰি কৰাৰ প্ৰয়াস চীনা আৰু ইৰান ৰাষ্ট্ৰীয় সংস্থাৰ সমৰ্থিত হেকাৰৰ । হেকাৰৰ দ্বাৰা ফিছিং মেইল প্ৰেৰণ । ৰিপাব্লিকান আৰু ডেম'ক্ৰেটিক দলৰ প্ৰচাৰক কৰ্মীৰ ইমেল ক্ৰেডেন্টিয়েলছ চুৰি কৰাৰ চেষ্টা । ইতিমধ্য়ে যুক্তৰাষ্ট্ৰীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাক অনুপ্ৰৱেশ চেষ্টা কৰাৰ সম্পৰ্কে সতৰ্ক গুগলৰ ।

Chinese, Iranian hackers targeting Trump, Biden campaigns: Google
ট্ৰাম্প,বিডেনৰ নিৰ্বাচনী প্ৰচাৰক লক্ষ্য চীনা-ইৰানিয়ান হেকাৰ্ছৰ : গুগল

By

Published : Jun 5, 2020, 4:09 PM IST

নিউজ ডেস্ক, 5 জুনঃআমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু জ' বিডেন উভয়ৰে নৱেম্বৰ মাহত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰক লক্ষ্য চীনা আৰু ইৰানীয়ান হেকাৰ্ছৰ । এই সৰ্তকবাণী প্ৰদান বিশ্বৰ সবাতোকৈ লোকপ্ৰিয় চাৰ্ছ ইঞ্জিন গুগলৰ ।

চীনা আৰু ইৰান ৰাষ্ট্ৰীয় সংস্থাৰ সমৰ্থিত হেকাৰ্ছৰ দ্বাৰা ফিছিং মেইল প্ৰদানৰ লগতে আমেৰিকাৰ দুটাকৈ বৃহৎ ৰিপাব্লিকান আৰু ডেম'ক্ৰেটিক দলৰ প্ৰচাৰক কৰ্মীৰ ইমেল ক্ৰেডেন্টিয়েলছ চুৰি কৰাৰ চেষ্টাৰ বিষয়ে সতৰ্কতা প্ৰেৰণ গুগলৰ ।

বৃহস্পতিবাৰে গুগলৰ Threat Analysis Group (TAG)ৰ প্ৰমুখ্য শ্বেন হন্টলেয়ে টুইট যোগে এই বিষয়ে অৱগত কৰে । হেন্টলিয়ে লগতে কয় ইতিমধ্যে গুগলে এই বিষয়ে যুক্তৰাষ্ট্ৰীয় আইন প্ৰৱৰ্তনকাৰী সংস্থাক অনুপ্ৰৱেশ কৰাৰ চেষ্টা চলোৱা সম্পৰ্কে অৱগত কৰাৰ কথা ।

তেওঁ কয় বুজা-বুজিৰ কোনো চিহ্ন নাই,ব্যৱহাৰকাৰীক আমাৰ চৰকাৰৰ ওপৰত কৰা আক্ৰমণৰ সতৰ্কতা প্ৰেৰণ কৰা হৈছে আৰু আইন প্ৰৱৰ্তনকাৰীকো এই বিষয়ে অৱগত কৰা হৈছে ।

উল্লেখ্য যে, 2016 চনৰ যুক্তৰাষ্ট্ৰীয় নিৰ্বাচনৰ সময়তো ৰাছিয়ান হেকাৰ্ছৰ দ্বাৰা হস্তক্ষেপ কৰাৰ চেষ্টা চলোৱা হৈছিল। বিডেনে এই সম্পৰ্কত গুগলে সতৰ্ক কৰাৰ কথা স্বীকাৰ কৰি এনে আক্ৰমণৰ কথা প্ৰথমৰ পৰাই অনুমান কৰি সতৰ্কতা অৱলম্বন কৰা বুলি জানিবলৈ দিয়ে । এই সন্দৰ্ভত এতিয়ালৈকে ট্ৰাম্পৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই ।

লগতেো চাওকঃ কেৰালাৰ চাইলেণ্ট ভেলীৰ সমীপত সংকটজনক অৱস্থাত উদ্ধাৰ এটা হাতী

ABOUT THE AUTHOR

...view details