অসম

assam

দক্ষিণ আফ্ৰিকাৰ বোস্তৱানাত ২৭৫ টা হাতীৰ মৃত্যু

By

Published : Jul 4, 2020, 4:10 PM IST

দক্ষিণ আফ্ৰিকাৰ ৱাকভাংগো ডেল্টা অঞ্চলত ২৭৫ টা হাতীৰ মৃতদেহ লাভ কৰা খবৰে শংকিত কৰিছে প্ৰকৃতি প্ৰেমীক । ৱাকভাংগো ডেল্টা অঞ্চলত কি কাৰণত এই বৃহৎ সংখ্যক হাতীৰ অকাল মৃত্যু হৈছে সেই সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে বন্য প্ৰাণী আৰু ৰাষ্ট্ৰীয় পাৰ্ক কতৃপক্ষই ।

 দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকা

নিউজ ডেস্ক, ৪ জুলাইঃ দক্ষিণ আফ্ৰিকাৰ বোস্তৱানাৰ ৱাকভাংগো ডেল্টা অঞ্চলত ৩৫৬ টা কৈ হাতীৰ মৃত্য়ু হোৱা গোচৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বন বিভাগে । তদন্তৰ সময়তে অঞ্চলটোত বৰ্তমান পৰ্যন্ত ২৭৫ টা হাতীৰ মৃতদেহ লাভ কৰিছে বুলি সদৰি কৰে বন্য প্ৰাণী আৰু ৰাষ্ট্ৰীয় পাৰ্ক বিভাগৰ কাৰ্যবাহী পৰিচালক ছিৰীল তাৱলে । লগতে বিষয়া গৰাকীয়ে কয় যে, হাতীসমূহৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই । কিন্তু কোনো চিকাৰীয়ে এই হাতীসমূহৰ হত্যা কৰা নাই ।

কিয়নো কোনো চিকাৰী এই বৃহৎ পৰিমাণৰ হাতী হত্যা কৰিলে হাতীৰ দাঁত সমূহ উলিয়াই লৈ গ'ল হয় । আমি ইতিমধ্যে মৃত্যু হোৱা হাতীসমূহৰ মৃতদেহ পৰীক্ষাৰ বাবে দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু কানাডালৈ প্ৰেৰণ কৰিছো । ইয়াৰ পূৰ্বেও মে' মাহত ১২ টা হাতীৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিছিলো বুলি মত প্ৰকাশ কৰে ।

আনহাতে, এনেদৰে হাতীসমূহে অকাল মৃত্য়ুক আকোৱালি লোৱা খবৰ পোণ প্ৰথমে বন্যজীৱ সংৰক্ষণৰ বাবে কাম কৰা সংস্থা এলিফেণ্ট বিদআউট বাদাৰ্চ দিয়ে বুলি জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

...view details