চিটাৰা ডেস্ক, 3 নৱেম্বৰ: ছলমান খান-কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীৰ স্পাই ইউনিভাৰ্ছৰ ছবি টাইগাৰ ৩ ডাঙৰ পৰ্দাত চাবলৈ অনুৰাগীয়ে আগ্ৰেহেৰ অপেক্ষা কৰি আছে । ইফালে দীপাৱলীত ছবিখন মুক্তিৰ পূৰ্বে নিৰ্মাতাই অনুৰাগীক ছবিখনৰ সৈতে জড়িত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে ।
প্ৰতিদিনে টাইগাৰ ৩ ৰ সৈতে জড়িত কিছুমান আপডেট শ্বেয়াৰ কৰিছে নিৰ্মাতাই । এতিয়া ছবিখন মুক্তিৰ মাত্ৰ ৯ দিনৰ পূৰ্বে নিৰ্মাতাই ‘টাইগাৰ-৩’ৰ এটা জোৰদাৰ নতুন প্ৰ’ম’ মুকলি কৰিছে, য’ত ইমৰাণ হাছমীয়ে RAW এজেণ্ট অবিনাশ সিং ৰাথোৰ ওৰফে টাইগাৰক প্ৰত্যাহ্বান জনোৱা দেখা যায় ৷ ইয়াৰ পিচত দুয়োৰে মাজত তীব্ৰ কাজিয়া দেখা যায় ।
আতিশ ওৰফে ইমৰাণ হাছমীয়ে টাইগাৰক প্ৰত্যাহ্বান জনায়
এই ছবিখনৰ মুখ্য আকৰ্ষণ কেৱল টাইগাৰ আৰু জোয়াৰ চৰিত্ৰত ছলমান খান আৰু কেটৰিনা কাইফেই নহয়, প্ৰথমবাৰৰ বাবে খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ইমৰাণ হাছমীক ছবিখনত দেখিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগী ৷ ট্ৰেইলাৰত ইমৰাণ হাছমীৰ লুক প্ৰকাশ কৰাৰ পিচতে এতিয়া যশ ৰাজে নিজৰ অফিচিয়েল এক্স একাউণ্ট (পূৰ্বৰ টুইটাৰ)ত এটা নতুন প্ৰ’ম’ শ্বেয়াৰ কৰিছে, য’ত ইমৰাণ হাছমীক জোৰদাৰ সংলাপ কোৱা শুনা গৈছে ।