অসম

assam

ETV Bharat / entertainment

Tiger 3 Advance Booking: পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব ‘টাইগাৰ ৩’ৰ প্ৰথম শ্ব’, এডভান্স বুকিঙৰ তাৰিখ ঘোষণা

দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব ছলমান খানৰ টাইগাৰ ৩ । অতি সোনকালেই আৰম্ভ হ’ব ছবিখনৰ এডভান্স বুকিং । জানি লওক কেতিয়াৰ পৰা আৰম্ভ হ’ব এডভান্স বুকিং ৷

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:05 PM IST

Tiger 3 makers have not one, but two good news for Salman Khan and Katrina Kaif fans; deets inside
টাইগাৰ ৩ এডভান্স বুকিং

চিটাৰা ডেস্ক, 1 নৱেম্বৰ: বলিউডৰ ভাইজান ছলমান বৰ্তমান তেওঁৰ আগন্তুক ছবি ‘টাইগাৰ 3’ ৰ বাবে ছ’চিয়েল মিডিয়াত চৰ্চাত আছে । দীপাৱলী উপলক্ষে মুক্তি পাব টাইগাৰ ৩ । দীপাৱলীত বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে ভাইজানে ৷ অনুৰাগীয়ে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ পিচৰে পৰা এডভান্স বুকিঙৰ বাবে অপেক্ষা কৰি আছে । এতিয়া অতি সোনকালেই অন্ত পৰিব অনুৰাগীৰ অপেক্ষাৰ ৷

দৰাচলতে অতি সোনকালেই আৰম্ভ হ’ব টাইগাৰ 3 ৰ এডভান্স বুকিং ৷ হয়, টাইগাৰ ৩ ৰ অনুৰাগীৰ বাবে আছে এটা ভাল খবৰ । ছবিখনৰ প্ৰথম শ্ব’ সম্পৰ্কীয় তথ্য প্ৰকাশ পাইছে । এই ছবিখনৰ প্ৰথম শ্ব’ দীপাৱলীৰ পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব । অনুৰাগীয়ে পুৱা ৭ বজাৰ পৰা টাইগাৰ ৩ চাব পাৰিব ।

টাইগাৰ ৩ ছবিখনত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীক । ছবিখনত ইমৰাণ হাছমীক খলনায়কৰ চৰিত্ৰত দেখা যাব । ইমৰাণ হাছমীক নেতিবাচক চৰিত্ৰত দেখাৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীসকলে ।

কেতিয়া আৰম্ভ হ’ব এডভান্স বুকিং ?

ছবিখনৰ প্ৰথম শ্ব’ আৰু এডভান্স বুকিং সম্পৰ্কে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে YRF য়ে । YRF ৰ অফিচিয়েল হেণ্ডলত লিখা আছিল- ভাৰতত পুৱা ৭ বজাৰ পৰা #Tiger3 ৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ৰ টিকট বুকিং কৰিবলৈ সাজু হওক ৷ ৫ নৱেম্বৰ দেওবাৰে সমগ্ৰ ভাৰতত এডভান্স বুকিং আৰম্ভ হ’ব ৷ টাইগাৰ ৩ হৈছে আন্তঃসংযোগী #YRFSpyUniverse ৰ পৰৱৰ্তী অধ্যায় যিটো দেওবাৰে ১২ নৱেম্বৰ, ২০২৩ তাৰিখে [#Diwali2023] হিন্দী, তামিল আৰু তেলুগু ভাষাত বিশ্বজুৰি ছবিগৃহত মুক্তি পাব । #IMAX, #4DX, #DBOX, #ICE, #PXL & #4DEmotionৰ দৰে একাধিক প্ৰিমিয়াম ফৰ্মেটত উপস্থাপন কৰা হ’ব ।’’

টাইগাৰ ৩ হৈছে যশ ৰাজ ফিল্মছ স্পাই ইউনিভাৰ্ছৰ পঞ্চমখন ছবি । ইয়াৰ আগতে এক থা টাইগাৰ, টাইগাৰ জিন্দা হায়, ৱাৰ আৰু পাঠান এই স্পাই ইউনিভাৰ্ছত নিৰ্মাণ কৰা হৈছিল । টাইগাৰ ৩ পৰিচালনা কৰিছে মনীষ শৰ্মাই । টাইগাৰ আৰু জোয়াৰ যুটিটো পুনৰবাৰ দেখা যাব টাইগাৰ ৩ ত ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে আন্তঃৰাষ্ট্ৰীয় বজাৰত টাইগাৰ ৩ৰ এডভান্স বুকিং আৰম্ভ হৈছে । ইতিমধ্যে ইউ কে, ইউ এ ই আৰু আমেৰিকাত ভাল সংখ্যক বুকিং কৰা হৈছে । সংবাদ মাধম্যৰ অনুসৰি ভাৰতৰ এদিন আগতে ছবিখন আমেৰিকা আৰু কানাডাত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে নিৰ্মাতাসকলে । অৱশ্যে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই নিৰ্মাতাই ৷

লগতে পঢ়ক:Leke Prabhu Ka Naam Song: অৰিজিতৰ কণ্ঠত ছলমান-কেটৰিণাৰ টাইগাৰ ৩ৰ প্ৰথমটো গীত চাওক

ABOUT THE AUTHOR

...view details