চিটাৰা ডেস্ক, 5 নৱেম্বৰ: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে ছলমান খানৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ ৰ বাবে । অহা ১২ নৱেম্বৰত দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব টাইগাৰ ৩ । ছবিখনত ছলমান খানৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীক । ইফালে আজিৰে পৰা আৰম্ভ হৈছে আগতীয়া টিকট বুকিং প্ৰক্ৰিয়া আৰু এডবান্স বুকিঙৰ প্ৰথম দিনাই মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে হাজাৰ হাজাৰ টিকট বুকিং হৈছে ।
২৩,৮০০ হাজাৰ টিকট বিক্ৰী হৈছে
আজিৰে পৰা অৰ্থাৎ ৫ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে 'টাইগাৰ ৩'ৰ এডভান্স বুকিং । ছবিখনৰ এডভান্স বুকিং আৰম্ভ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বাণিজ্য বিশেষজ্ঞ তথা প্ৰবীণ চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শে তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰিছে । য’ত তেওঁ ছলমান খানৰ ছবি ‘টাইগাৰ ৩’ৰ এডভান্স বুকিং সন্দৰ্ভত এটা আপডেট দিছে । মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ছবিখনৰ বাবে ২৩,৮০০ বুকিং কৰা হৈছে ।
প্ৰতিটো ফৰ্মেটত মুক্তি লাভ কৰিব ছবিখন
2D
IMAX 2D
4DX 2D
PVR P (XL)