চিটাৰা ডেস্ক, 15 মে’: মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰা বলীউডত এনে বহু ছবি আছে আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল যে বিতৰ্কিত ছবিসমূহে বক্স অফিচত সকলো ৰেকৰ্ডো ভংগ কৰে (The kerala story) ৷ বিতৰ্কিত ছবিসমূহৰ ভিতৰত অন্য এক ছবি হ’ল 'The Kerala Story' ৷ আদা শৰ্মাৰ অভিনীত 'The Kerala Story' ছবিখন মুক্তিৰ পূৰ্বেই সোমাই পৰিছিল বিতৰ্কৰ আৱৰ্তত (The Kerala Story BO Day 10)।
বহু ৰাজনৈতিক দলে ছবিখনক লৈ আপত্তি দাঙি ধৰিছিল আৰু আনকি নিষেধাজ্ঞাৰ দাবীও কৰিছিল । ইয়াৰ পিচতো ছবিখন ছবিগৃহত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল আৰু প্ৰথম দিনাৰ পৰাই দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰি আহিছে ছবিখনে । প্ৰথম উইকেণ্ডত ছবিখনে ধুমুহাৰ সৃষ্টি কৰাৰ পিচত দ্বিতীয় উইকেণ্ডতো বক্স অফিচত বহু টকা উপাৰ্জন কৰিছে ‘দ্য কেৰালা ষ্ট’ৰীয়ে’। দ্বিতীয় দেওবাৰে ছবিখনৰ সংগ্ৰহ কিমান হৈছে জানো আহক (The Kerala Story box office collection Day 10) ।
দশম দিনত ‘দ্য কেৰালা ষ্ট’ৰী’য়ে কিমান উপাৰ্জন কৰিলে ?
‘দ্য কেৰালা ষ্ট’ৰী’ৰ মুকলিৰ দিনা বক্স অফিচ ঠিকে ঠাকে প্ৰদৰ্শন কৰিছিল ৷ কিন্তু ইয়াৰ পিচত ছবিখনে বক্স অফিচত যি গতি ধৰিলে, সেয়া দিনক দিনক আৰু বাঢ়ি গৈয়ে আছে (The Kerala Story box office) । একে সময়তে ছবিখনৰ দ্বিতীয় দেওবাৰ বা দশম দিনৰ মুক্তিৰ প্ৰাৰম্ভিক পৰিসংখ্যাও অধিক বৃদ্ধি পাইছে ।
বক্স অফিচ সংগ্ৰহ: দ্য কেৰালা ষ্ট’ৰী
১ম দিন - ৫ মে' ০৮.০৩ কোটি মুক্তিৰ দিন
দ্বিতীয় দিন - ৬ মে' ১১.০১ কোটি +৩৯.৭৩%
তৃতীয় দিন - ৭ মে ১৬.৪৩ কোটি +৪৬.২৩%
চতুৰ্থ দিন - ৮ মে ১০.০৩ কোটি -৩৮.৯৫%
৫ম দিন - ৯ মে' ১১.০৭ কোটি +১০.৭৩%