চিটাৰা ডেস্ক, 10 নৱেম্বৰ:যোৱা 9 নৱেম্বৰত ছানী লিয়নীয়ে নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল যে মুম্বাইৰ যোগেশ্বৰীত থকা তেওঁৰ বনকৰা মহিলাৰ 9 বছৰীয়া কন্যা সন্তান নিৰুদ্দেশ হৈছে । নিৰুদ্দেশ হোৱা শিশু অনুষ্কা কিৰণ ম’ৰৰ এখন ফটোৰ সৈতে এই তথ্য ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল ছানীয়ে । এতিয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ শেহতীয়া পোষ্টৰ জৰিয়তে জনাইছে যে নিৰুদ্দেশ হোৱা অনুষ্কাক বিচাৰি পোৱা গৈছে । পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।
কৃতজ্ঞতা প্ৰকাশ অভিনেত্ৰীগৰাকীৰ
শেহতীয়াকৈ ছানী লিয়নীয়ে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে যে নিৰুদ্দেশ হোৱা বনকৰা মহিলাগৰাকীৰ কন্যা অনুষ্কাক বিচাৰি পাইছে । ছানীয়ে মুম্বাই আৰক্ষী আৰু পোষ্টটো শ্বেয়াৰ কৰা সকলোকে ধন্যবাদ জনাইছে, কিয়নো অনুষ্কা নিৰুদ্দেশ হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে বিচাৰি পোৱা গৈছে । এই খবৰ বিয়পাই দিয়াৰ বাবে তেওঁৰ শুভাকাংক্ষীসকলৰ প্ৰতিও তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।
24 ঘন্টাৰ পিচত পোৱা গৈছে নিৰুদ্দেশ হোৱা অনুষ্কাক