চিটাৰা ডেস্ক, 24 ডিচেম্বৰ :'ভাৰতলৈ আহিলেই মৃত্যুৰ ভাবুকি পাইছিলোঁ', এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ছানী লিয়নীয়ে ৷ এখন ছবিৰ প্ৰচাৰৰ সময়ত নিজৰ জীৱনৰ সৈতে জড়িত এই ভয়াৱহ কথা প্ৰকাশ কৰিছে ছানী লিয়নীয়ে ।
বলীউডৰ ‘বেবী ডল’ খ্যাত ছানী লিয়নীয়ে বহু সংঘৰ্ষৰ অন্তত ছবি জগতত নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । প্ৰথমাৱস্থাত ভাৰতলৈ আহি ছানীয়ে বহু অপৰিকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হৈছিল ৷ ছানীৰ অতীত অন্ধকাৰ পৃথিৱীৰে ভৰি আছিল, কিন্তু ভাৰতলৈ আহি কিবা এটা কৰাৰ কথা মনত পুহি ৰাখিছিল তেওঁ ।
বৰ্তমান বলীউডৰ পৰা দক্ষিণৰ চিনেমা জগতত খোজ পেলাইছে ছানীয়ে । আজিকালি ছানী তেওঁৰ তামিল ছবি ‘অ’ মাই গোষ্ট’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে । ছবিখনৰ প্ৰচাৰৰ সময়ত এটা সাক্ষাৎকাৰত ছানীয়ে নিজৰ জীৱনৰ সৈতে জড়িত কিছু কথা প্ৰকাশ কৰিছে (Sunny Leone news)। ছানীয়ে কয় যে তেওঁক কম বয়সতে কেৱল ট্ৰ’ল কৰাই নহয়, মৃত্যুৰ ভাবুকিও দিছিল কোনো কোনো লোকে ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ছানী লিয়নীয়ে কৈছে যে কেৰিয়াৰৰ প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া তেওঁ বলীউডৰ দিশে আগবাঢ়িবলৈ সিদ্ধান্ত লৈছিল ৷ যেতিয়া তেওঁ বিগ বছৰ পৰা অফাৰ পাইছিল তেতিয়া তেওঁলৈ মৃত্যুৰ ভাবুকিপূৰ্ণ মেইল আহিবলৈ আৰম্ভ কৰিছিল । ছানীয়ে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা তেওঁলৈ বহুত ঘৃণাৰ মেইল আহিছিল, যাৰ বাবে তেওঁ এই অফাৰটো নাকচ কৰিছিল । কিন্তু অতি বুজাবুজিৰে তেওঁ ভাৰতলৈ আহিছিল আৰু বিগ বছৰ অংশ হৈ পৰিছিল ।